NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ক’ৰ’না মুক্ত লোকৰ সংখ্যা ৬০০০ অতিক্ৰম; আৰোগ্য লাভৰ হাৰ ৬৮ শতাংশলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2020 7:51 pm

ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ মাজতে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মুঠ ২৭৫ গৰাকী ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা বাবে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

আজি ক’ৰ’না মুক্ত হোৱা ২৭৫ গৰাকী লোকৰ সৈতে অসমত বৰ্তমানলৈ ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা  ৬১০৬ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, অসমত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰো ৬৮ শতাংশলৈ বৃদ্ধি হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

অসমত এতিয়ালৈ মুঠ ৮৯৫৫ গৰাকী লোক ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ১৪ গৰাকী লোকৰ মৃত্যু হৈছে।

আজি দুগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত অসমত মৃত্যু হয়।

অসমৰ বিভিন্ন চিকিৎসালয়ত বৰ্তমান সময়ত মুঠ ২৮৩২ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।

অসমৰ ভিতৰত গুৱাহাটী মহানগৰীত ক’ৰ’না ভাইৰাছৰ সৰ্বাধিক সংক্ৰমণ হৈছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ১৪ দিন সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰিছে।