NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ প্ৰভাৱ : নিৰ্বাচনত ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি,কোভিড আক্ৰান্তলৈ পোষ্টেল বেলটৰ সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2020 7:45 pm
Story-4-1140x570

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আমূল সংস্কাৰ সাধন কৰি এক বিশেষ নিৰ্দেশনা জাৰি কৰে।

সেই মৰ্মে দেশৰ সমাগত নিৰ্বাচনবোৰত এতিয়াৰে পৰা ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি সকলে পোষ্টেল বেলটৰ জড়িয়তে ভোটদান কৰিব পাৰিব।

কেৱল সেয়াই নহয়, কৰ’না ভাইৰাছত আক্ৰান্ত সকলেও পোষ্টেল বেলটৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

চৰকাৰে কনডাক্ট অৱ ইলেকশ্যন ৰুলছ ১৯৬১’ৰ সংশোধনীৰ জড়িয়তে এই সুবিধা প্ৰদান কৰিছে।

শেহতীয়াকৈ একাংশ স্বাস্থ্য বিশেষজ্ঞই চৰকাৰক এই বুলি অৱগত কৰিছিল যে মহামাৰী কৰ’নাৰ মহাসংক্ৰমণৰ সময়ত ৬৫ বছৰৰ উৰ্ধৰ লোকসকলে অধিক জনসমাগম হোৱা অঞ্চললৈ যোৱা অনুচিত।

সেইবাবে তেওঁলোকক পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰিব লাগে। তদুপৰি কৰ’না ভাইৰাছত আক্ৰান্তসকলৰ ক্ষেত্ৰতো এই ব্যৱস্থা কৰা উচিত বুলি তেওঁলোকে মত দিছিল।

সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি, কোভিড আক্ৰান্তলৈ পোষ্টেল বেলটৰ সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে।

সমাগত বিহাৰ বিধান সভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই ঘোষণা কৰা বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ আগলৈকে কেৱল সামৰিক বাহিনীৰ লোক আৰু নিৰ্বাচনত নিয়োজিত লোকৰ ক্ষেত্ৰতহে পোষ্টেল বেলটৰ সুবিধা দিয়া হৈছিল।

দেশত প্ৰথম বাৰৰ বাবে পোষ্টেল বেলটৰ সুবিধা দিয়া হৈছিল দিল্লীত। ২০২০ চনৰ ফেৱ্ৰুৱাৰি মাহত দিল্লীত ৮০ বছৰৰ উৰ্ধৰ লোক আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছিল।