NORTHEAST NOW (Assamese)
অসম

৬ জুলাইৰ পৰা জনসাধাৰণৰ বাবে পুনৰ মুকলি হ’ব দেশৰ স্মৃতিস্তম্ভ সমূহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2020 7:38 pm
৬ জুলাইৰ পৰা জনসাধাৰণৰ বাবে পুনৰ মুকলি হ’ব দেশৰ স্মৃতিস্তম্ভ সমূহ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ বাবে বন্ধ হৈ থকাৰ পাছত ভাৰতৰ সকলো ধৰণৰ স্মৃতিস্তম্ভ জনসাধাৰণৰ বাবে ৬ জুলাইৰ পৰা পুনৰ মুকলি হ’ব।

ভাৰতৰ সাংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ পেটেলে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।

স্মৃতিস্তম্ভ সমূহ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’লেও কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে বান্ধি দিয়া স্বাস্থ্য সম্পৰ্কীয় সকলো নীতি-নিৰ্দেশনা স্মৃতিস্তম্ভ সমিতি সমূহে মানি চলাৰ ক্ষেত্ৰত কঠোৰ হ’ব লাগিব বুলি সাংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ পেটেলে কয়।

বৰ্তমান ভাৰতত কেন্দ্ৰীয়ভাৱে সংৰক্ষিত মুঠ ৩,৬৯১ টা স্মৃতিস্তম্ভ আৰু প্ৰত্নত্বাত্তিক স্থান আছে।

সাধাৰণ সময়ত দৰ্শনাৰ্থীৰে ভৰি থকা এই স্থান সমূহ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বিগত ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছে।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ভাৰতত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ছয় লাখ অতিক্ৰম কৰিছে।