NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত এদিনতে ৫০,০০০ লোক ক’ৰ’না আক্ৰান্ত; পূৰ্বৰ সকলো অভিলেখ ভংগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2020 8:10 pm
plasma-therapy.gif

আমেৰিকা যুক্তৰাষ্ট্ৰত এদিনত ক’ৰ’না আক্ৰান্ত হোৱা সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

জন হপকিংছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত আমেৰিকা যুক্তৰাষ্ট্ৰত ৫০,০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ ভিতৰত ক’ৰ’নাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ।

আমেৰিকা যুক্তৰাষ্ট্ৰত বুধবাৰলৈ মুঠ ২৭ লাখ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

আনহাতে, দেশখনত ১.২৮ লাখ লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ক’ৰ’নাৰ পৰা শীঘ্ৰেই মুক্তি লাভ কৰাৰ দিশে গতি কৰি আছে বুলি মন্তব্য কৰিলেও শেহতীয়াভাৱে বৃহৎ সংখ্যক লোক মাত্ৰ এদিনতে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা তথ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে।

ৰাষ্ট্ৰপতি ট্ৰাম্পে শীঘ্ৰেই ক’ৰ’না প্ৰতিৰোধী ভেকচিন আবিষ্কাৰ হ’ব বুলিও লগতে আশা প্ৰকাশ কৰে।