NORTHEAST NOW (Assamese)
অসম

সংযুক্ত কিষাণ মৰ্চাৰ ৬ ফেব্ৰুৱাৰিৰ চকা বন্ধক সমৰ্থন নকৰে ভাৰতীয় কিষাণ সংঘই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 4, 2021 7:22 pm
সংযুক্ত কিষাণ মৰ্চাৰ ৬ ফেব্ৰুৱাৰিৰ চকা বন্ধক সমৰ্থন নকৰে ভাৰতীয় কিষাণ সংঘই

কৃষি আইন বাতিলৰ দাবীত ৬ ফেব্ৰুৱাৰিত কৃষক সংগঠন সমূহে ঘোষণা কৰা ৰাষ্ট্ৰজোৰা চকা বন্ধক সমৰ্থন নকৰে ভাৰতীয় কিষাণ সংঘই।

ভাৰতীয় কিষাণ সংঘই বৃহস্পতিবাৰে তেওঁলোকে কৃষক সন্থাই ঘোষণা কৰা ৰাষ্ট্ৰজোৰা চকা বন্ধক সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে।

‘‘দিল্লী সীমান্তত চলি থকা বৰ্তমানৰ কৃষকৰ প্ৰতিবাদ সম্পূৰ্ণৰূপে ৰাজনৈতিক হিচাপে স্পষ্ট হৈ পৰিছে আৰু এই আন্দোলন এতিয়া ৰাজনৈতিক প্ৰ’পাগাণ্ডাত পৰিণত হৈছে,’’ ভাৰতীয় কিষাণ সংঘৰ সাধাৰণ সম্পাদক বদ্ৰীনাৰায়ন চৌধুৰীয়ে এইদৰে কয়।

কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইন তিনিখনৰ বিৰুদ্ধে বিগত দুমাহৰো অধিক কাল দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে অহা ৬ ফেব্ৰুৱাৰিত দেশজুৰি চকা বন্ধৰ ঘোষণা কৰিছে।

সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা এই চকা বন্ধ কাৰ্যসূচী দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৩ বজালৈ চলিব।

সংযুক্ত কিষাণ মৰ্চাই এক বিবৃতি জাৰি কৰি চকা বন্ধৰ সময়ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথসমূহ বন্ধ হৈ পৰিব বুলি উল্লেখ কৰিছে।