NORTHEAST NOW (Assamese)
অসম

টীয়কত বিজেপিৰ ৰাজ্যিক চিকিৎসা কোষৰ বিনামূলীয়া চিকিৎসা শিবিৰেৰে বিশ্ব কৰ্কট দিৱস পালন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক February 4, 2021 6:48 pm

সমগ্ৰ বিশ্বৰ লগতে টীয়কতো আজি বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক চিকিৎসা কোষৰ উদ্যোগত তথা টীয়ক সমষ্টিৰ কলিয়াপানী মণ্ডল বিজেপিৰ সহযোগত টীয়কৰ জগদুৱাৰ চাহ বাগিছাত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

উক্ত শিবিৰত কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডা: যদুনাথ বুঢ়াগোহাঁই উপস্থিত থাকি কৰ্কট ৰোগৰ লক্ষণ, প্ৰতিৰোধ আৰু সজাগতাৰ ওপৰত অঞ্চলটোৰ ৰাইজক সজাগ কৰিবলৈ মন্তব্য আগবঢ়ায়।

বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ যদুনাথ বুঢ়াগোহাঁইয়ে এনেকুৱা ধৰণৰ সজাগতা সভাই অনাগত দিনত কৰ্কট ৰোগৰ প্ৰসাৰত বাধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, উক্ত স্থানতে সভাৰ অন্তত চিকিৎসকগৰাকীয়ে প্ৰায় শতাধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে।