NORTHEAST NOW (Assamese)
অসম

পাকিস্তানত শিখ তীৰ্থ যাত্ৰীৰ বাছত ৰে’লৰ খুন্দা; ১৯ গৰাকী তীৰ্থ যাত্ৰীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 8:10 pm

পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত শিখ তীৰ্থযাত্ৰী সকলক লৈ যোৱা এখন বাছত ৰে’লে খুন্দা মৰাৰ ফলত ১৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৮ গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ শ্বেইখপুৰা জিলাত শুকুৰবাৰে দুপৰীয়া ১.৩০ বজাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

কৰাচীৰ পৰা লাহোৰ অভিমুখে গৈ থকা শ্বাহ হুছেইন এক্সপ্ৰেছ নামৰ ৰে’লখনে খাৰুকবাদ ৰে’লৱে ষ্টেশ্যনৰ সমীপতে শিখ ধৰ্মীয় তীৰ্থ যাত্ৰী সকলক লৈ গৈ থকা বাছখনত খুন্দা মাৰে।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, শিখ ধৰ্মীয় লোক সকল নানকানা চাহিব দৰ্শন কৰি উভতি আহি আছিল।

দুৰ্ঘটনা সংঘটিত হোৱা স্থানত কোনোধৰণৰ ৰে’লৱে গেটৰ ব্যৱস্থা নাছিল বুলি জানিব পৰা গৈছে।

পাকিস্তান ৰে’লৱে আৰু অন্যান্য উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰি আঘাতপ্ৰাপ্ত লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে।