NORTHEAST NOW (Assamese)
অসম

অসমৰ ৰাজ ভৱনক কণ্টেইনমেণ্ট জ’ন ঘোষণা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 4, 2020 6:56 pm
COVID-19: Assam Raj Bhavan declared containment zone

কামৰূপ মহানগৰ জিলা প্ৰশাসনে শনিবাৰে অসমৰ ৰাজ ভৱনক কন্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰিছে।

এই কন্টেইনমেন্ট জ’নৰ সীমাসমূহ হ’ল– উত্তৰে হোটেল বেলি ভিউ, দক্ষিণে বনকোঁৱৰ নগৰ, পূবে বৰঠাকুৰ ক্লিনিক আৰু পশ্চিমে এম জি ৰোড৷

ৰাজ ভৱনৰ দুগৰাকী কৰ্মচাৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল৷

শুকুৰবাৰে কৰ্মচাৰী দুজনৰ দেহত ক’ভিড-১৯ পোৱা গৈছিল।

ইতিমধ্যে ৰাজ্যপাল আৰু তেওঁৰ পত্নীৰো স্বাব টেষ্ট কৰা হৈছে।

টেষ্টৰ ফলাফল এতিয়ালৈকে জানিব পৰা হোৱা নাই৷

গুৱাহাটী মহানগৰীত ক’ভিড-১৯ৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা সোমবাৰৰ পৰা ১৪ দিনীয়া লকডাউন ঘোষণা কৰা হৈছে।

অসমত এতিয়ালৈকে ক’ভিড-১৯ত ১৪গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

অসমত এতিয়ালৈকে ৬৩২৭গৰাকী লোক ক’ভিড মুক্ত হৈছে। মুঠ আক্ৰান্ত হৈছে ৯৭৯৯গৰাকী।