NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত পুনৰ দুটা কন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 4, 2020 6:32 pm
20200704_174028

শিৱসাগৰত পুনৰ দুটা অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।

শিৱসাগৰ জিলা প্ৰশাসনে আজি ঘোষণা কৰি কন্টেইনমেন্ট জ’ন হিচাপে।

শিৱসাগৰৰ হস্পিতেল ৰ’ডৰ এটা অঞ্চল আৰু দ’লমুখ চাৰি আলিৰ এটা অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

চাৰিজন ব্যক্তিৰ দেহত ক’ৰ’না পজিটিভ পোৱাৰ বাবে এই ঘোষণা কৰে শিৱসাগৰ জিলা প্ৰশাসনে।

২৮ জুনত গুৱাহাটীৰ পৰা আহিছিল এইকেইজন ব্যক্তি।

সেইদিনাই তেওঁলোকৰ শ্বাব টেষ্ট কৰা হৈছিল আৰু সকলোকক হোম কুৱাৰেন্টাইনত থাকিবলৈ দিয়া হৈছিল।

আজি চাৰিজন ব্যক্তিৰ দেহত ক’ৰ’না পজিটিভ পোৱাত আটাইকেইজনকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

হাস্পতাল ৰ’ডৰ অৰুন’ছ নামৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ৩ জন ব্যক্তিৰ লগতে দ’লমুখ চাৰিআলিৰ এজনৰ ব্যক্তিৰ দেহত এজন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ৰ’না পজিটিভ।

কাইলৈ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চল দুটাৰ ওচৰৰ ব্যক্তিসকলৰ শ্বাব টেষ্ট কপা হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে।