NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰী মোদীৰ আৰ্মি হাস্পতাল দৰ্শন বিতৰ্ক : বিতৰ্কৰ সন্দৰ্ভত মুখ খুলিছে ভাৰতীয় সেনাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 7:46 pm
index.jpgbb

লাডাখ সীমান্তৰ লেহস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেনা বাহিনীৰ চিকিৎসালয়ৰ বিতৰ্কৰ সন্দৰ্ভত মুখ খুলিছে ভাৰতীয় সেনা বাহিনীয়ে।

বিতৰ্কৰ ২৪ ঘণ্টা পাৰ হৈ যেৱাৰ পিছত ভাৰতীয় সেনা বাহিনীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, দেশৰ বীৰ জোৱানসকলৰ চিকিৎসা পদ্ধতিকলৈ যিদৰে কুৎসা ৰটনা কৰা হৈছে সেয়া অতি দুৰ্ভাগ্যজনক।

আহত জোৱানসকলৰ ভালদৰে চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলিও বিবৃতিটোত প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।

উল্লেখ্য যে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখ ভ্ৰমণত লেহস্থিত সেনাৰ চিকিৎসালয়ত প্ৰৱেশ কৰি ১৫ জুনৰ ৰক্তক্ষয়ী সংঘৰ্ষত আহত হোৱা ভাৰতীয় সেনাৰ জোৱানসকলক সাক্ষাৎ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে আহত জোৱানসকলক সাক্ষাৎ কৰাৰ ফ’টো ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰ দেশতে বিতৰ্কৰ ঢৌ উঠে।

চ’ছিয়েল মিডিয়াত বহুতে প্ৰশ্ন কৰে যে আহত জোৱানসকলৰ বিচনাৰ কাষত ঔষধ আদি কিয় নাই?

আনকি কিছুৱে এয়া শ্বুটিং তথা ফ’টো শ্ব’টৰ বাবে সজাই পৰাই লোৱা বুলিও মন্তব্য কৰে।

এনে এক পৰিপ্ৰেক্ষিততে সেনা বাহিনীয়ে এক বিবৃতিৰে প্ৰকাশ কৰি সমগ্ৰ বিষয়টোক লৈ মন্তব্য প্ৰদান কৰিছে।

“এই বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক যে বীৰ সৈনিকসকলক কিদৰে চিকিৎসা প্ৰদান কৰা হৈছে তাক লৈ কুৎসা ৰটনা কৰা হৈছে। সেনা জোৱানসকলক অতি ভাল চিকিৎসা প্ৰদান কৰি থকা হৈছে।” বিবৃতিত কোৱা হৈছে।

সেনাবাহিনীৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত অতি ‘বিদ্ধেষপূৰ্ণ আৰু ভিত্তিহীন’ অভিযোগ উত্থাপন কৰা হৈছে বুলি কয় ভাৰতীয় সেনাই।

প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবেই লেহস্থিত এটা কনফাৰেন্স হলত সেনা বাহিনীয়ে হাস্পতাল এখন সজাই লোৱা হৈছে বুলিও অভিযোগ উত্থাপন কৰা হৈছিল।

এই অভিযোগ সন্দৰ্ভত ভাৰতীয় সেনাই কয় যে, লেহস্থিত সেনাৰ কনফাৰেন্স হলটোক কোভিড১৯ হাস্পতাললৈ ৰূপান্তৰ কৰা হৈছে।

অৱশ্যে সেনা বাহিনীয়ে কোভিড হাস্পতালৰূপে ঘোষণা কৰা হাস্পতালখনত কিয় আঘাতপ্ৰাপ্ত সৈনিকৰ চিকিৎসা কৰা হৈছে সেই বিষয়ে বিবৃতিটোত কোনো কথা উল্লেখ কৰা নাই।

এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়, কোভিড হাস্পতালত কিয় আঘাতপ্ৰাপ্ত সৈনিকক চিকিৎসা কৰা হৈছে?