NORTHEAST NOW (Assamese)
Popular Stories

ওডালগুৰিত দুই পৃথক স্থানৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ

Posted by: ছাজিদ খান Updated by: ছাজিদ খান July 5, 2020 2:50 pm
20200705-132839-01(1)

ওডালগুৰি আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ দুটা পৃথক পৃথক স্থানৰ পৰা বৃহৎ পৰিমাণৰ আগ্নায়েস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ওডালগুৰি আৰক্ষীয়ে ওডালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সিন্ধ্ৰিঝৰা গাঁৱৰ পৰা এটা ৭.৬২ এম এম পিষ্টল, এটা ৯ এম এম পিষ্টল, দুটা মেগজিন আৰু ৮ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে।

ইফালে জিলাখনৰ ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষ আৰু হৰিশিঙা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমানন্দ হৰাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং আমজুলি গাঁৱৰ পৰা দুটা এ কে ৪৭ ৰাইফল, এ কে ছিৰিজৰ তিনিটা মেগজিন আৰু ৭১ ৰাউণ্ড গুলী উদ্ধাৰ কৰে।

ক’ৰ’নাতংকৰ সময়তে বিটিচি অঞ্চলত এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰণিধানযোগ্য যে, বিটিচি যোৱাত এপ্ৰিলত পৰিষদীয় নিৰ্বাচন আছিল যদিও ক’ৰ’নাতংকৰ বাবে নিৰ্বাচন স্থগিত কৰা হৈছিল।