NORTHEAST NOW (Assamese)
মিজোৰাম

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 1:05 pm

শনিবাৰে মিজোৰাম ভ্ৰমণ কৰি মিজোৰামৰ প্ৰথমটো ৰে’লপথ আৰু প্ৰথমখন ৰে’ল মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইটোৱেই হৈছে মিজোৰামৰ প্ৰথমটো ৰে’ল নেটৱৰ্ক।

এই ৰেলপথৰ দ্বাৰা ৰাজধানী এক্সপ্ৰেছে আইজলক দিল্লীৰ সৈতে সংযোগ কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে ৮,০৭০ কোটি টকা ব্যয় সাপেক্ষে বৈৰবি-ছৈৰাং নতুন ৰেল লাইন মুকলি কৰে।

এই লাইনত ৪৫ টা সুৰংগ, ৫৫ খন ডাঙৰ দলং আৰু ৮৭ খন সৰু দলং অন্তৰ্ভুক্ত।

ভাৰ্চুৱেলভাৱে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা মোদীয়ে কয় যে কেইবছৰমানৰ আগতে আইজল ৰেলপথৰ আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য হৈছিল আৰু আজি আমি ইয়াক দেশবাসীৰ বাবে উৎসৰ্গা কৰি গৌৰৱ অনুভৱ কৰিছো।

তেওঁ কয়, “বহু প্ৰত্যাহ্বান অতিক্ৰম কৰি এই বৈৰবি-ছৈৰাং ৰে’লপথ এতিয়া বাস্তৱত পৰিনওট হৈছে। আমাৰ অভিযন্তাৰ দক্ষতা আৰু আমাৰ শ্ৰমিকৰ শ্ৰমে ইয়াক সম্ভৱ কৰি তুলিছে।”প্ৰধানমন্ত্ৰীয়ে কয়, “এয়া কেৱল ৰে’ল সংযোগ নহয়, পৰিৱৰ্তনৰ জীৱনৰেখা। ই মিজোৰামৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। মিজোৰামৰ কৃষক আৰু ব্যৱসায়ীসকলে সমগ্ৰ দেশতে অধিক বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব।”