NORTHEAST NOW (Assamese)
অসম

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 27, 2022 7:05 pm

দিল্লীৰ এখন আদালতে শুকুৰবাৰে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত চাৰি বছৰৰ কাৰাদণ্ড আৰু ৫০ লাখ টকাৰ জৰিমনা বিহে।

ৰাষ্ট্ৰীয় লোক দলৰ নেতাজনে চিবিআইয়ে বিচৰা মতে সম্পত্তিৰ সন্তোষজনকভাৱে হিচাপ দিবলৈ ব্যৰ্থ হয়।

১৯৯৩ ৰ পৰা ২০০৬ চনৰ ভিতৰত তেওঁৰ সম্পত্তি উপাৰ্জনৰ বৈধ উৎসৰ সৈতে অসামঞ্জস্যপূৰ্ণ বুলি প্ৰমাণ হোৱাৰ পিছতে চৌচালাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

তেওঁক ২১ মে’ত বিশেষ ন্যায়াধীশ বিকাশ ধুলেই চৌতালাক দোষী সাব্যস্ত কৰিছিল।

২৬ মাৰ্চ, ২০১০ তাৰিখে দাখিল কৰা অভিযোগনামাত চৌতালাৰ আয়বহিৰ্ভূত সম্পত্তিৰ মূল্য ৬.০৯ কোটি টকা বুলি কোৱা হৈছিল।

আজি বিশেষ ন্যায়াধীশে চৌতালাৰ চাৰিটা সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছিল। চৌতালাৰ অধিবক্তাই আদালতক তেওঁৰ স্বাস্থ্যৰ অৱস্থা বিবেচনা কৰি শাস্তি হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছিল । অৱশ্যে, চিবিআইয়ে নেতাজনৰ সৰ্বাধিক শাস্তিৰ দাবী জনায়। চিবিআইৰ মতে চৌতালাই তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ ১০৩ শতাংশলৈকে অসামঞ্জস্যপূৰ্ণ সম্পত্তি আহৰণ কৰিছে।

চৌতালাক দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(২) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল। এইটো চৌতালাৰ দুৰ্নীতিত দোষী সাব্যস্ত হোৱাৰ দ্বিতীয় ঘটনা ।

২০১৩ চনত উচ্চতম ন্যায়ালয়ে তেওঁক কনিষ্ঠ প্ৰশিক্ষিত (জেবিটি) শিক্ষক নিযুক্তি কেলেংকাৰীত সাত বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।

আজি ৰায় ঘোষণা হোৱাৰ পিছতে চৌতালাক আৰক্ষীয়ে জিম্মাত লয়।