NORTHEAST NOW (Assamese)
অসম

নামনি অসম মণ্ডল কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছামচুল হকৰ পদত্যাগ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস July 5, 2020 4:24 pm

নামনি অসম মণ্ডল কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ পদত সেৱা আগবঢ়াই অহা ছামচুল হকে আজি কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।

বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে একনায়কত্ববাদ চলোৱা বুলি অভিযোগ তুলি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে কংগ্ৰেছ কৰ্মীগৰাকীয়ে।

আজি মন্দিয়াত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ লগতে হকে বৰ্তমানে সেৱা আগবঢ়াই থকা সৰ্বভাৰতীয় মজদুৰ কংগ্ৰেছৰ অসম প্ৰদেশ যুৱ শাখাৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰে।

সংখ্যালঘু নেতা হিচাপে পৰিচিত ছামচুল হকে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ ফলত আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনত দলটোৰ যে ক্ষতি হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

এই ক্ষতি দলৰ হাইকামাণ্ডে কি দৰে মোকাবিলা কৰে সেয়া সময়তহে লক্ষ্যণীয় হৈ পৰিব।