NORTHEAST NOW (Assamese)
Popular Stories

কোভিড১৯ ৰোগীৰ চিকিৎসাত হাইড্ৰ’ক্সিক্ল’ৰ’কুইন প্ৰয়োগ বন্ধ কৰিলে WHOএ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 8:24 pm
index.jpg11

কোভিড১৯ ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা হৈছে হাইড্ৰ’ক্সিক্ল’ৰ’কুইন।

বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ বন্ধ কৰিছে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ লগতে এইচ আই ভিৰ ঔষধ লোপিনাভিৰ/ ৰিটোনাভিৰৰ ব্যৱহাৰ।

উল্লেখ্য যে, ভাৰতত উৎপাদিত হাইড্ৰ’ক্সিক্ল’ৰ’ইন আমেৰিকাই আমদানি কৰি কোভিড১০ ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিছিল।

কিন্তু হঠাতে হোৱাইট হাউছৰ চিকিৎসালয়ে কোভিড১৯ ৰোগীৰ ওপৰত মেলেৰিয়াৰ চিকিৎসাত ব্যৱহৃত এই ঔষধবিধ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে WHOএ হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ঔষধবিধ কোভিড১৯ ৰোগীৰ চিকিৎসাত ব্যৱহাৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

এক বিবৃতিত WHOএ কৈছে যে, “অন্তৱৰ্তী পৰীক্ষামূলক প্ৰয়োগৰ ফলাফলত দেখা গৈছে এই ঔষধে চিকিৎসালয়ত ভৰ্তি কৰোৱা ক’ৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা নাই বা পাৰিলেও ই অতি সামান্য। গতিকে অনতিবিলম্বে ইয়াৰ প্ৰয়োগ বন্ধ কৰা হৈছে।”

ইয়াৰ লগে লগে চিকিৎসাধীন কোভিড১৯ ৰোগীৰ শৰীৰত চলি থকা ইয়াৰ পৰীক্ষামূলক ব্যৱহাৰো বন্ধ কৰা হ’ব বুলি মত প্ৰকাশ কৰিছে চিকিৎসক তথা বিশেজ্ঞমহলে।

“এই নিৰ্দেশ কেৱল নিৰ্দিষ্ট পৰীক্ষামূলক প্ৰয়োগৰ ক্ষেত্ৰতহে প্ৰযোজ্য।” WHOএ বিবৃতিটোত লগতে কয়।

সংবাদ সংস্থা ৰয়টাৰে জনোৱা অনুসৰি জুন মাহৰ তৃতীয় সপ্তাহৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰত হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ও ক্লুৰ’কুইন প্ৰয়োগ বন্ধ কৰাৰ নিৰ্দেশ দিছে মাৰ্কিন ঔষধ নিয়ন্ত্ৰণক সংস্থা ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন(AFDS)এ।