NORTHEAST NOW (Assamese)
Popular Stories

আফগানিস্তানত ৰাষ্ট্ৰপতিৰ আত্মীয়ক গুলীয়াই হত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 8:05 pm
RISHAD AHMAD

অশান্ত আফগানিস্তানত তালিবান সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ ভতিজাক ৰিছাদ আহমদজাইক।

কাবুলৰ পি ডি জি ৰোডত থকা নিজা বাসভৱনত তালিবান সন্ত্ৰাসবাদীয়ে আহমদজাইক হত্যা কৰে।

কাবুলত আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত সন্ত্ৰাসবাদীৰ দল এটাই আহমদজাইৰ ঘৰত প্ৰৱেশ কৰি নিচেই কাষৰ পৰা তেওঁক গুলীয়াই নিধন কৰে।

ৰাষ্ট্ৰপতিৰ ভতিজাকক এনেদৰে নিজৰ ঘৰতে সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ ঘটনাই সমগ্ৰ আফগানিস্তানত তীব্ৰ উত্তেজনাৰ সৃষ্টি  কৰিছে।

উল্লেখ্য তালিবানে শেহতীয়া কৈ পুনৰ অশান্ত কৰি তুলিছে আফগানিস্তানক।

কিছুদিন পূৰ্বে আমেৰিকাৰ মধ্যস্থতাত তালিবানৰ সৈতে আফগান চৰকাৰৰ এখন শান্তি চুক্তি হৈছিল যদিও ঈদৰ সময়ত মাত্ৰ ৩ দিনৰ বাবে যুদ্ধ বিৰতি কৰি তালিবানে সেই চুক্তি ভংগ কৰিছিল।

শেহতীয়াকৈ কাটাৰত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে তালিবানৰ সৈতে আলোচনাত মিলিত হৈছিল যদিও সেই আলোচনা ব্যৰ্থ হৈছিল।

ইয়াৰ পিছতে তালিবানে পুনৰ আফগানিস্তানত কূটাঘাত সংঘটিত কৰিবলৈ আৰম্ভ কৰে।

দুদিন পূৰ্বে তালিবানে কাবুলৰ এটা মছজিদত বোমা বিস্ফোৰণ ঘটাই কেবাজনো লোকক হত্যা কৰিছিল।

সম্প্ৰতি আমেৰিকাই আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।