NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ৯ টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কেন্দ্ৰীন মন্ত্ৰী নিতিন গাডকাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2020 3:51 pm

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে মঙলবাৰে ত্ৰিপুৰাত ২৭৫২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৯ টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰে।

‘‘ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু জেনেৰেল ভিকে সিঙৰ উপস্থিতি আজি ত্ৰিপুৰাত ২৭৫২ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ৯ টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰো,’’ ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে পথৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে গাডকাৰীয়ে এইদৰে টুইট কৰে।

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ কেইটাৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে নিজৰ বক্তব্যত গাডকাৰীয়ে এই পথকেইটাৰ নিৰ্মাণে উত্তৰ-পূবত পথ যোগাযোগ ব্যৱস্থাৰ উন্নতি কৰাৰ লগতে পৰ্যটন উদ্যোগক বিকশিত কৰিব।

তেওঁ লগতে ত্ৰিপুৰাত পথ যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়নে বাংলাদেশৰ সৈতে ভাৰতৰ যোগাযোগ ব্যৱস্থা আৰু ক্লান্তিহীন পথ যাত্ৰাৰ উন্নয়ন সাধনত সহায় কৰিব বুলিও কয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ত্ৰিপুৰাবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া স্বপ্ন সাৰ্থক হোৱা বুলি মত প্ৰকাশ কৰে।