NORTHEAST NOW (Assamese)
অসম

পাকিস্তানৰ মাদ্ৰাছাত ভয়ংকৰ বিস্ফোৰণ; ৭ জনৰ মৃত্যু, ৭০ জন আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2020 3:39 pm

পাকিস্তানৰ খাইবৰ পাখটুনখা অঞ্চলৰ এখন মাদ্ৰাছাৰ ভিতৰত আজি ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটোত সাত গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি ৭০ গৰাকী আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

পেছাৱৰ চহৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৱকাৰ আহমদে সংবাদ মাধ্যমক জনোৱা অনুসৰি কেইজনমান সন্ত্ৰাসবাদীয়ে মাদ্ৰাছাৰ ভিতৰত প্ৰৱেশ কৰি বিস্ফোৰণটো সংঘটিত কৰে।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বিস্ফোৰণটো আজি ৰাতিপুৱা প্ৰায় ৮ মান বজাত সংঘটিত হয়।

বিস্ফোৰণৰ সময়ত মাদ্ৰাছাৰ ভিতৰত ভালে সংখ্যক ছাত্ৰ উপস্থিত আছিল আৰু তেওঁলোকৰ নিয়মীয়া পাঠদান চলি আছিল।

মাদ্ৰাছা কৰ্তৃপক্ষই জনোৱা অনুসৰি বিস্ফোৰণৰ সময়ত শ্ৰেণীকোঠাত প্ৰায় ২২ বছৰৰ পৰা ২৮ বছৰীয়া কেইবাজনো ছাত্ৰ উপস্থিত আছিল।

ভয়াৱহ বিস্ফোৰণৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত মৃত লোক কেইজনৰ লগতে আহত লোকসকলকো উদ্ধাৰ কৰে।

জানিব পৰা মতে আঘাতপ্ৰাপ্ত কেইবাজনো লোকৰ অৱস্থা বৰ্তমান সংকটজনক।

ইফালে প্ৰধান মন্ত্ৰী ইমৰান খানে বিস্ফোৰণৰ ঘটনাক অত্যন্ত দুখজনক আখ্যা দি এটা টুইট কৰে। তেওঁ টুইটোত কয়, ‘পেছাৱৰৰ মাদ্ৰাছাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বিস্ফোৰণত মৃত্যুক আকোৱালি লোৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্ৰাপ্ত লোকসকলৰ সুস্বাস্থ্য কামনা কৰিছো’।

এই বৰ্বৰ আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদী কেইজনক শাস্তি প্ৰদান কৰিব বুলিও দেশবাসীক আশ্বাস প্ৰদান কৰে প্ৰধান মন্ত্ৰী ইমৰান খানে।