NORTHEAST NOW (Assamese)
অসম

অধিক জনসমাগম; ত্ৰিপুৰাত ভক্ত সকলৰ বাবে প্ৰশাসনে বন্ধ কৰিবলৈ বাধ্য হ’ল পূজা মণ্ডপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2020 3:31 pm

ছ’চিয়েল মিডিয়াত আগৰতলাৰ এখন পূজা মণ্ডপত অধিক জনসমাগম হোৱাৰ আলোকচিত্ৰ ভাইৰেল হৈ পৰাৰ পাছত পশ্চিম ত্ৰিপুৰা জিলা প্ৰশাসনে পূজা মণ্ডপ জনসাধাৰণৰ বাবে বন্ধ কৰি দিবলৈ বাধ্য হয়।

আগৰতলাৰ সৰ্ববৃহৎ দুৰ্গা পূজা আয়োজন কৰি অহা ভাৰত ৰত্ন সংঘক পশ্চিম ত্ৰিপুৰা জিলা প্ৰশাসনে মণ্ডপত অধিক জনসমাগম হোৱাৰ বাবে পূজা মণ্ডপ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে সোমবাৰে জনাই যে, চৰকাৰে ২০০৫ চনৰ দুৰ্যোগ প্ৰশমন আইনৰ অধীনত বিশষ নিৰ্দেশনাবলী প্ৰস্তত কৰি পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি দিছে যাতে কোভিড সংক্ৰমণ ৰোধ কৰিব পৰা যায়।

উক্ত নিৰ্দেশনাৱলীৰ অধীনত ভাৰত ৰত্ন সংঘক এটা সময়ত পূজা মণ্ডপত সৰ্বাধিক ১০-১৫ গৰাকী লোকৰ উপস্থিতিৰে পূজাৰ কাৰ্য্যসূচী চলাই নিয়াৰ অনুমতি দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত এই নিৰ্দেশনাৱলী উলংঘা কৰি অধিক লোকৰ সমাগম হোৱা বাবেই প্ৰশাসনে পূজা মণ্ডপ ভক্ত সকলৰ বাবে বন্ধ কৰিবলৈ বাধ্য হয়।