NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি সংশোধনৰ দাবী কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2021 7:29 am
15-11-18-Guwahati-Congress-press-meet-3-1-750x375

ক’ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ বিধৱা মহিলালৈ অসম চৰকাৰে এককালীন সাহায্য আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই, আৰু কিছু সংশোধনৰ প্ৰয়োজন আছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

কৰ’না মহামাৰী এক অদৃশ্য আৰু এতিয়ালৈকে অনিয়ন্ত্ৰিত ৰোগ হিচাপে সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে। সাৱধানতা,পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্ব অৱলম্বনেৰে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধিবহে পাৰি কিন্তু আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতো এই মহামাৰীৰ পাৰ্শ্বক্ৰিয়াৰ ‌ফলত এমাহৰ পৰা দুমাহৰ ভিতৰত বহু লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই মহামাৰীক প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত কৰি “ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা” বিভাগৰ অধীনত মোকাবিলা কৰি আহিছে।

এনে কাৰণত কেৱল আক্ৰান্ত হৈ থকাৰ সময়তে মৃত্যু বৰণ কৰা স্বামীৰ বিধৱা হোৱা মহিলাক এককালীন সাহায্য দিয়াৰ লগতে, আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পৰৱৰ্তী কালত স্বামীহীন হোৱা নিম্ন আয়ৰ পৰিয়ালৰ মহিলাকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই আহ্বান জনায়।

তেওঁ কয় যে, বিগত সময়চোৱাত মৃত্যু বৰণ কৰা লোকৰ মৃত্যুৰ কাৰণ পৰ্য্যবেক্ষণ কৰি দেখা গৈছে যে, ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতহে অধিকাংশ লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। এনে সংকটৰ ফলত সৃষ্ট পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই দেশৰ মহামান্য উচ্চতম ন্যায়ালয়েও এই বিষয়ত এক দৃষ্টিভংগী দাঙি ধৰিছে।

তেওঁ লগতে কয়, ‘’ভাৰতবৰ্ষ এখন কল্যানকামী ৰাষ্ট্ৰ। তেনেস্থলত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলো মানুহে এই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত, নীতিগত কাৰণতে সকলো নিম্ন আয়ৰ পৰিয়ালে চৰকাৰৰ পৰা সাহায্য লাভ কৰাটো মানৱীয় তথা যুক্তিসংগত বুলি আমি কংগ্ৰেছ দলে অনুভৱ কৰো।‘’

সেয়েহে, ৰাজ্য চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ সংশোধন ঘটাই সুস্থ হৈ উঠাৰ পিছত মৃত্যু বৰণ কৰা পৰিয়ালকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মানৱীয় আবেদন জনোৱা হয়।