NORTHEAST NOW (Assamese)
অসম

অসমত নতুনকৈ ৬৯০ ক’ভিড মুক্ত, সক্ৰিয় ৰোগী ৩৫৫১

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 10:29 pm
1862 persons test COVID-19 positive in Assam on Friday

অসমত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হোৱাৰ মাজতে ৬৯০গৰাকী ব্যক্তিয়ে দেওবাৰে আৰোগ্য লাভ কৰিছে।

এইসকল ব্যক্তিক চিকিৎসালয়ৰ পৰা মুকলি কৰাৰ পিছত অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৩৫৫১গৰাকী।

ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৭৪৩৩গৰাকীলৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১১০০১গৰাকী।

ইয়াৰে ১৪গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।