NORTHEAST NOW (Assamese)
অসম

বিশ্ব ৰেংকিঙৰ শীৰ্ষত অসমৰ তিনিগৰাকী, মণিপুৰৰ দুগৰাকী বক্সাৰৰ স্থান লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 8:25 am
Story-2-3-1140x570

অসমৰ তিনিগৰাকী বক্সাৰ সাভলিনা বৰগোঁহাই, যমুনা বড়ো আৰু শিৱ থাপাই ইন্টাৰনেশ্যনেল বক্সিং এছোচিয়েশ্যন (AIBA)ই অলপতে প্ৰকাশ কৰা এমেচাৰ বক্সিঙৰ বিশ্ব শীৰ্ষ ৰেংকিঙৰ তালিকাত স্থান লাভ কৰিছে।

শেহতীয়া ৰেংকিঙত লাভলিনাই ৬৯কেজি শাখাত তৃতীয় স্থান, যমুনা বড়োৱে ৫৪কেজি শাখাত পঞ্চম স্থান আৰু শিৱ থাপাই ৬০কেজি শাখাত ষষ্ঠদশ স্থান লাভ কৰিছে।

মণিপুৰৰ মেৰীকম আৰু এল সৰিতা দেৱীয়ে ক্ৰমে ৫১কেজি শাখাত তৃতীয় আৰু ৬০কেজি শাখাত পঞ্চবিংশতম (২৫) স্থান লাভ কৰিছে।

আছাম এমেচাৰ বক্সিং এছোচিয়েশ্যনে এক শুভেচ্ছা বাৰ্তাত কয়,’’আমাৰ বক্সাৰসকলক লৈ আমি গৰ্বিত।‘’

‘’আমি আগতে কেতিয়াও এনেধৰণৰ সফলতা লাভ কৰা নাছিলো,’’-তেওঁলোকে লগতে কয়।

এছোচিয়েশ্যনে লগতে কয়,’’আমি ঘোষণা কৰিবলৈ পাই আনন্দিত যে অসমৰ তিনিগৰাকী আৰু চুবুৰীয়া মণিপুৰৰ দুগৰাকী বক্সাৰে বিশ্ব ৰেংকিঙৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে।‘’

‘’আমি সকলোকেইগৰাকী বক্সাৰকে অভিনন্দন জনাইছো,’’- এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই দিয়া বাৰ্তাটোত এইদৰে কোৱা হয়।