NORTHEAST NOW (Assamese)
দেশ

একনায়কত্ববাদী বিজেপি চৰকাৰ! উচ্ছেদত মাতৃ-কন্যাৰ মৃত্যুৰ পিছতে বুলড’জাৰ নীতিক লৈ সোচ্চাৰ ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2023 8:50 pm
Rahul Gandhi on UP Eviction Deaths

উত্তৰ প্ৰদেশ চৰকাৰৰ বুলড’জাৰ নীতিৰ অধীনত চলা প্ৰশাসনৰ উচ্ছেদ অভিযানত কানপুৰত মাতৃ-কন্যাৰ মৃত্যুৰ পিছতে বিজেপি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাহুল গান্ধীয় বুলড’জাৰ নীতি চৰকাৰৰ নিষ্ঠুৰতাৰ প্ৰতীক হৈ পৰিছে বুলি মন্তব্য কৰে।

এই টুইট যোগে গান্ধীয়ে কানপুৰৰ এই ঘটনাই তেওঁক বিচলিত কৰি তোলা বুলি উল্লেখ কৰে। তেওঁ লগতে বিজেপি চৰকাৰৰ এই কাৰ্যক একনায়কত্ববাদী শাসন ব্যৱস্থাৰ সৈতে তুলনা কৰে আৰু দেশে বিজেপি চৰকাৰৰ এনে কাৰ্যক কেতিয়াও মানি নলয় বুলি দাবী কৰে।

টুইটটোত তেওঁ কয়, “সমৰ্থৰ অহংকাৰে যেতিয়া জনসাধাৰণৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈ যায়, তেতিয়া ইয়াক একনায়কত্ববাদ বুলি কোৱা হয়। কানপুৰৰ ঘটনাটোৱে মোৰ মন বিচলিত কৰি তুলিছে। এই বুলডজাৰ নীতি চৰকাৰৰ নিষ্ঠুৰতাৰ প্ৰতীক হৈ পৰিছে। ভাৰতে এই কথা মানি নলয়।”

উল্লেখ্য যে, যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে আৰম্ভ কৰা বুলড’জাৰ নীতিৰ আধাৰত কানপুৰৰ দেহাট জিলাৰ এখন গাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযানত এগৰাকী মাতৃ আৰু কন্যা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে।

মৃতকৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰি তেওঁলোকৰ ঘৰত জুই লগাই দিয়া হৈছিল বুলি দাবী কৰিছে। আনহাতে আৰক্ষীয়ে মহিলা দুগৰাকীয়ে নিজেই গাত জুই লগাইছিল বুলিহে দাবী কৰে।

লক্ষণীয়ভাৱে সোমবাৰে চৰকাৰী বিষয়াসকলে কোনো জাননী অবিহনেই বুলড’জাৰেৰে ‘ভিলেজ চছাইটি’ৰ ভূমিত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। স্থানীয় লোকে অভিযোগ কৰিছে যে আৰক্ষীয়ে অঞ্চলটোৰ জুপুৰিবোৰত জুই লগাই দিছিল।

এনে কাৰ্যৰ পৰিণামতে ৪৫ বছৰীয়া প্ৰমীলা দীক্ষিত আৰু তেওঁৰ ২০ বছৰীয়া কন্যা নেহা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। এই ঘটনাত প্ৰমীলাৰ পুত্ৰ শিৱম ৰক্ষা পৰে যদিও প্ৰমীলাৰ স্বামী অগ্নিদগ্ধ হয়।

শিৱমৰ অভিযোগ মতে ঘৰৰ ভিতৰত মানুহ সোমাই থকা স্বত্বেও আৰক্ষীয়ে ঘৰত জুই লগাই দিছিল। এই নিৰ্দয় ঘটনা জিলা দণ্ডাধীশৰ সন্মুখত সংঘটিত হৈছিল যদিও তেওঁ প্ৰতিবাদ কৰা নাছিল বুলি শিৱমে অভিযোগ কৰিছে।

ইফালে মহিলা দুগৰাকীৰ মৃত্যুৰ লগে লগে স্থানীয় লোকসকলে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হয় আৰু আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পিছতে কানপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে আলোক সিঙে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটো পৰিদৰ্শন কৰে।

আনহাতে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে ১৩ জন লোকৰ বিৰুদ্ধে হত্যাৰ এটা গোচৰ ৰুজু কৰিছে। এই ঘটনাৰ পিছত বিৰোধীয়ে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰক তীব্ৰ গৰিহণা দিছে।