NORTHEAST NOW (Assamese)
Popular Stories

নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত ৪ মাওবাদী : বুজন পৰিমাণৰ অস্ত্ৰ-সস্ত্র উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 2:30 pm
1a1735ab45bb7f8552a7b5d8bd103782

ওড়িশাত কন্ধমাল জিলাৰ অৰণ্যত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত ৪ জন মাওবাদী নিহত হোৱাৰ লগতে অন্য কেবাজনো সদস্য আহত হৈছে।

আৰক্ষীৰ সূত্ৰৰ অনুসৰি দেওবাৰে পুৱা এক গোপন সূত্ৰৰ পম খেদি স্পেচিয়েল অপাৰেশ্যন গ্ৰুপৰ দল আৰু জিলাখনৰ ভলেণ্টিয়াৰ ফোৰ্ছৰ যৌথ অভিযান চলাই কন্ধমালৰ তুমুদিবান্ধাৰ অৰণ্যত।

উক্ত অভিযান কালত অৰণ্যৰ মাজৰ পৰা মাওবাদীৰ দলে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ গুলীচালনা কৰাত ৪ জন মাওবাদী নিহত হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

ওড়িশাৰ ডিজিপিয়ে জনাইছে যে অভিযানকাৰী দলটোৱে মাওবাদী দলটোৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-সস্ত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃত চাৰি মাওবাদী চিপিআই(ম)ৰ বংশধাৰা-নাগাবলি-ঘুমুচাৰ মণ্ডলৰ সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।