NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ প্ৰাৰম্ভিক বিজয় : লাডাখ সীমান্তৰ ১.৫ কিলোমিটাৰ নিলগলৈ পিছুৱাই গ’ল চীনা সৈন্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 2:45 pm
182533_China_army

৪৫ বছৰৰ পিছত যেন প্ৰথমবাৰৰ বাবে  চীনৰ বিৰুদ্ধে ভাৰতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল।

লাডাখ সীমান্তৰ গালোৱান ভেলীত ১৫-১৬ জুনত চীনৰ সেনাই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছত সোমবাৰে ভাৰতৰ হেঁচাত সেওঁ মানি চীনে সীমান্তৰ ১.৫ কিলোমিটাৰ নিলগলৈ সেনা পিচুৱাই নিবলৈ বাধ্য হ’ল।

পূব লাডাখ সীমান্তৰ গালোৱান,হট স্প্ৰীং আৰু গগ্ৰা অঞ্চলৰ পৰা চীনে দেশখনৰ সেনা আতঁৰাই নিয়ে।

সোমবাৰে পুবাৰে পৰা চীনৰ সেনাই উক্ত অঞ্চল সমূহৰ পৰা সকলো টেন্ট আঁতৰাই পেলায়।

সেই অ্ঞ্চলত অৱস্থান গ্ৰহণ কৰি থকা সেনাৰ বাহন সমূহো আঁতৰাই নিয়া হয়।

পূব লাডাখৰ সীমান্তৰ পৰা সেনা আঁতৰাই নিবলৈ ভাৰতে প্ৰথমৰে পৰাই দাবী জনাই আহিছিল।

কুৰি জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছত ভাৰত আৰু চীনৰ মাজত  কামাণ্ডাৰ পৰ্যায়ৰ তিনিলানি আলোচনা অনুষ্ঠিত হৈছিল। প্ৰতিটো আলোচনাতে ভাৰতে সীমান্তৰ পৰা চীনা সেনা আঁতৰাই নিয়াৰ দাবী জনাইছিল।

এইক্ষেত্ৰত আমেৰিকা, ফ্ৰান্স, ব্ৰাজিলৰ লগতে বিশ্বৰ ১৮ খন দেশে চীনৰ ওপৰত হেঁচা প্ৰদান কৰিছিল।

সাতে-সোতৰই মিলি সকলো হেঁচাৰ ওচৰত সেওঁ মানি চীনে সেনা পিচুৱাই নিবলৈ বাধ্য হ’ল।

এয়া নিঃসন্দেহে চীনৰ বিৰুদ্ধে ভাৰতৰ  প্ৰাৰম্ভিক জয়।