NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 7, 2020 6:40 pm
Sivasagar district admin asks veggie, meat, fish vendors to charge as per fixed rates

শিৱসাগৰ জিলা প্ৰশাসনে আজি কেন্দ্ৰীয় বজাৰকে ধৰি বিভিন্ন স্থানত এচাম অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অতৰ্কিতে অভিযান চলায়।

ব্যৱসায়ী সকলে গ্ৰাহকৰ পৰা শাক-পাচলি, মাছ-মাংস অত্যধিক মূল্যত বিক্ৰী কৰি থকাৰ অভিযোগ লাভ কৰাত আজি শিৱসাগৰ জিলাৰ কাৰ্যবাহী দণ্ডাধীশ পংকজ বৰাই কেন্দ্ৰীয় বজাৰত অভিযান চলায়।

উল্লেখ্য যে শিৱসাগৰ জিলা প্ৰশাসনে যোৱা ৩০ ছেপ্তেম্বৰত প্ৰকাশ কৰা এক অধিসূচনাৰ জড়িয়তে জিলাখনৰ বিভিন্ন দৈনিক বজাৰ সমূহত বিক্ৰী হোৱা শাক-পাচলি আৰু মাছ-মাংসৰ পাইকাৰী আৰু খুচুৰা দৰ নিৰ্ধাৰণ কৰি দিছিল।

কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত শাক-পাচলি তথা মাছ-মাংস বিক্ৰী কৰি থকাৰ অভিযোগৰ ভিত্তিত আজি শিৱসাগৰ জিলা দণ্ডাধীশ গৰাকীয়ে কেন্দ্ৰীয় বজাৰত অভিযান চলায় আৰু ব্যৱসায়ী সকলক সতৰ্ক কৰি দিয়ে যাতে পৰৱৰ্তী সময়ত কোনো ব্যৱসায়ীয়ে জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া দৰতকৈ অধিক দামত সামগ্ৰী বিক্ৰী নকৰে।

লগতে সামগ্ৰীৰ মূল্য ফলক প্ৰতিজন ব্যৱসায়ীয়ে গ্ৰাহকে সহজে প্ৰত্যক্ষ কৰিব পৰাকৈ আঁৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

অন্যথা এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সতৰ্ক কৰি দিয়ে।