NORTHEAST NOW (Assamese)
অসম

বিচনাত পৰি নিশা মোবাইল ফোন চায়? মূৰ শিতানতে ৰাখে ফোন? ঘটিব পাৰে এনেবোৰ বিপদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2020 7:05 pm
a mobile ph

মোবাইল ফোনটো বহুতৰে বাবে এৰাব নোৱাৰা সংগী হৈ পৰিছে।

নিঃসংগ মুহূৰ্তত মোবাইল ফোনটোৱেই আমাক সুন্দৰ ভাবে সময় পাৰ কৰাত সহায় কৰি আহিছে।

পুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি নিশা শুবলৈ যোৱালৈকে মোবাইল ফোনটো আমাৰ প্ৰায় ভাগৰে হাতত থাকেই।

নিশা শোৱাৰ পৰত বহুতে মোবাইল ফোনটো চাই থাকি থাকি এটা সময়ত টোপনি ধৰিলে ফোনটো মূৰ শিতানতে থৈ টোপনি যায়।

এনে কৰোতে আমি বহুতেই ফোনটো মূৰৰ কাষতে থৈ শোৱাৰ পৰিণাম কি হ’ব পাৰে সেই কথা হয়তো এবাৰো ভাবি নাচাও।

কিন্তু এবাৰো ভাবি নোচোৱা এই সাধাৰণ কথাটোৱেই আমাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে কেতিয়াও নভবা বিপদ।

প্ৰায় সকলোৱে জনা কথাটো হ’ল এয়ে যে মোবাইল ফোনৰ পৰা অনৱৰতে বিকিৰিত হৈ থাকে বিশেষ ৰেডিয়েছন।

আমি চকুৰে নেদেখা এই ৰেডিয়েছন অতি শক্তিশালী । বিশেষজ্ঞসকলে বিশ্ববাসীক এনে ৰেডিয়েছনৰ বিষয়ে বাৰে বাৰে সতৰ্ক কৰি আহিছে।

মোবাইল পোনৰ ইলেক্ট্ৰ’ মেগনেটিক ফিল্ডৰ পৰা বিকিৰিত এনে ৰেডিয়েছনে মগজুৰ টিউমাৰ পৰ্যন্ত সৃষ্টি কৰিব পাৰে বুলি বিজ্ঞানীসকলে কৈ আহিছে।

তদুপৰি শোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলে সেয়া সময়ত অভ্যাসত পৰিণত হ’ব।

নিশা অদৰ্কাৰী ফোন কলে টোপনিত ব্যাঘাত ঘটাব পাৰে।

নিশা কোঠাৰ ভিতৰত লাইট নুমুৱাই ফোন চাই থাকিলে চকুৰ ভীষণ ক্ষতি হোৱাৰ আশংকা থাকে বুলিও স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে।

সেয়ে নিশাৰ ভাগত বিচনাত বাগৰি মোবাইল চোৱাৰ অভ্যাস ত্যাগ কৰিব পৰাটোৱেই ভাল বুলি বিজ্ঞানীসকলে কৈ আহিছে।

ফোন সদায় শোৱাৰ সময়ত বিছনাৰ পৰা কমেও ২-৩ ফুট নিলগত ৰখাৰো পৰামৰ্শ দিছে বিজ্ঞানীসকলে।