NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ সময়ত প্ৰয়োজনীয় এম্বুলেঞ্চৰ অভাৱত ওদালগুৰিত মৃত্যু এগৰাকী মহিলাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2020 4:41 pm
Story

২১ দিনীয়া ল’কডাউনৰ সময়ত এম্বুলেঞ্চৰ অভাৱত বুধবাৰে সন্ধিয়া এগৰাকী ৫০ বছৰীয়া মহিলাই ওদালগুৰি জিলাত মৃত্যুক সাৱতি ল’বলগীয়া হয়।

জানিব পৰা মতে, উচ্চ ৰক্ত চাপত ভূগী থকা মহিলা গৰাকীক সংকটজনক অৱস্থাত প্ৰথমে টংলা সামুহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

টংলা সামুহিক চিকিৎসালয়ত মহিলা গৰাকীক প্ৰাথমিক চিকিৎসা কৰাৰ পাছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসাললৈ লৈ যোৱাৰ বাবে উপদেশ দিয়ে।

কিন্তু ২১ দিনীয় ল’কডাউনৰ বাবে চিকিৎসালয়খনত কোনোধৰণৰ এম্বুলেঞ্চ নথকাত মহিলা গৰাকীয়ে শোকাৱহভাৱে মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

‘‘১০৮ সেৱা সময়ত উপস্থিত হোৱা নাছিল তাৰ লগতে ল’কডাউনৰ সময়ত দিয়া জৰুৰীকালীন নম্বৰ সমূহো কাম কৰা নাছিল,’’ মৃত্যু হোৱা মহিলাগৰাকীৰ স্বামীয়ে অভিযোগ কৰে।

আনহাতে, এই সম্পৰ্কত বিভাগীয় চিকিৎসকক যোগাযোগ কৰাত তেওঁলোকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।