NORTHEAST NOW (Assamese)
ক্ৰীড়া

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 30, 2023 8:09 am
India won U19 Women's T20 World Cup

ভাৰতীয় ক্ৰিকেটত দেওবাৰে ৰচনা হ’ল আন এক স্বৰ্ণিল ইতিহাস। পটচেফষ্ট্ৰুমৰ চেনৱেছ পাৰ্কত দেওবাৰে সগৌৰৱে উৰিল ত্ৰিৰংগা। এই গৌৰৱৰ ক্ষণ ভাৰতক উপহাৰ দিলে দেশৰ ১৯ অনুৰ্ধ মহিলা ক্ৰিকেট দলে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনিং বেটাৰ শ্বেফালী বাৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় তৰুণীৰ দলটোৱে দক্ষিণ আফ্ৰিকাৰ ভূমিত দেওবাৰে আঁজুৰি আনিছে উদ্বোধনী বৰ্ষৰ ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ।

May be an image of 8 people and people standing

দুৰন্ত প্ৰদৰ্শনেৰে ফাইনেলত স্থান সুৰক্ষিত কৰা ভাৰতীয় দলটোৱে চূড়ান্ত খেলখনত চেনৱেছ পাৰ্কত কালি প্ৰতিপক্ষ ইংলেণ্ডক সম্পূৰ্ণ বিধ্বস্ত কৰে। প্ৰথমে বেটিং কৰা ইংলেণ্ডক চমৎকাৰ বলিঙেৰে মাত্ৰ ৬৮ ৰানতে বান্ধি ৰখাৰ পিছত ভাৰতে মাত্ৰ ১৪ অভাৰতে ইপ্সিত লক্ষ্যত উপনীত হয়। পেচাৰ টাইটাছ সাধুৰ নেতৃত্বত ভাৰতৰ বলিং আক্ৰমণে ১৭.১ অভাৰতে ইংলেণ্ডক অল আউট কৰি ভাৰতৰ বাবে এক নিশ্চিত জয়ৰ ভেটি গঢ়ি তোলে।

সাধুৰ লগতে অৰ্চনা দেৱী আৰু পৰ্শ্বভি চোপ্ৰাই ইংলেণ্ডৰ দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মন্নত কাশ্যপ, অধিনায়ক শ্বেফালী বাৰ্মা আৰু সোনম যাদৱে এটাকৈ উইকেট লাভ কৰে। ইংলেণ্ডৰ হৈ ৰিয়ানা মেকডোনাল্ড গেই সৰ্বাধিক ১৯ ৰান সংগ্ৰহ কৰে। ১১ ৰানকৈ অৱদান আগবঢ়ায় এলেক্সা ষ্ট’নহাউচ আৰু চ’ফিয়া স্মেলে।

Recent Match Report - ENG-WMN U19 vs IND-WMN U19 Final 2022/23 | ESPNcricinfo.com

৬৯ ৰানৰ সহজ লক্ষ্য অনুসৰণ কৰি ভাৰতেও অৱশ্যে আৰম্ভণিতেই উজুটি খাইছিল। দলীয় স্ক’ৰ ১৬ ৰানত অধিনায়ক তথা অপেনাৰ বাৰ্মাই ১৫ ৰান কৰি বিদায় লোৱাৰ কিছু সময় পিছতে ২০ ৰানত আনগৰাকী অপেনাৰ শ্বেতা শ্বেৰাৱতেও মাত্ৰ ৫ ৰান সংগ্ৰহ কৰিয়ে বিদায় লয়। অৱশ্যে ইয়াৰ পাছত সৌমিয়া তিৱাৰী আৰু গঙ্গাৰী ত্ৰিশাই তৃতীয় উইকেটত ৪৬ ৰান যোগ দি দলক জয়ৰ প্ৰায় দুৱাৰদলিত থিয় কৰায়।

জয়ৰ বাবে ৩ ৰান প্ৰয়োজনৰ অৱস্থাত ত্ৰিশাই ২৪ ৰান কৰি বিদায় ল’লেও তিৱাৰীয়ে ৰিশিতা বসুৰ সৈতে ভাৰতৰ জয়ৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে। তিৱাৰীয়ে ২৪ ৰানত অপৰাজিত থাকি ভাৰতৰ জয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইদৰে ভাৰতে ১৪ অভাৰত জয়ৰ লক্ষ্য অতিক্ৰম কৰি হস্তগত কৰে উদ্বোধনী বৰ্ষৰ ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ।

U19 Women's T20 World Cup: Reactions as India become champions – 'Start of something special'

ভাৰতৰ এই আকাংক্ষিত বিশ্বজয়ৰ পাছতে বিচিচিআই- এ বিশ্বজয়ী দলটোৰ বাবে ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। এক টুইট যোগে বিচিচিআই- ৰ সচিব জয় শ্বাহে কয়, “ভাৰতত মহিলা ক্ৰিকেটৰ উত্থান ঘটিছে আৰু বিশ্বকাপৰ জয়ে মহিলা ক্ৰিকেটৰ উচ্চতা বহু উচ্চতালৈ লৈ গৈছে। বিশ্বকাপজয়ী দল আৰু সহায়ক-কৰ্মচাৰীৰ বাবে ৫ কোটি টকা পুৰস্কাৰ হিচাপে ঘোষণা কৰি মই আনন্দিত হৈছো।”