NORTHEAST NOW (Assamese)
ক্ৰীড়া

আব্ৰামোভিচ যুগৰ অৱসান: টড বোহেলীৰ মালিকানাধীন হোৱাৰ দিশে চেলছী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2022 6:40 pm
Chelsea Football Club

অৱশেষত দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পৰিল। ৰোমান আব্ৰামোভিচৰ মালিকানাধীন বিশ্বৰ আগশাৰীৰ ফুটবল ক্লাব চেলছী ফুটবল ক্লাব লছ এঞ্জেলছ ডজৰ্ছৰ সহ-স্বত্বাধিকাৰী টড বোহেলীৰ মালিকানাধীন হোৱা প্ৰায় নিশ্চিত হৈছে।

টড বোহেলীৰ নেতৃত্বত এটা গোটে ৫.২ বিলিয়ন ডলাৰ মূল্যত লণ্ডনস্থিত ক্লাবটোৰ মালিকীস্বত্ব ক্ৰয় কৰিব।

ফুটবল ক্লাবটোৱে শুকুৰবাৰে শেষৰ ফালে এক বিবৃতিত কয়, “সকলো প্ৰয়োজনীয় অনুমোদন সাপেক্ষে মে’ মাহৰ শেষৰ ফালে চেলছী ক্লাব বিক্ৰী সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।”

উল্লেখ্য যে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছতে ব্ৰিটিছ চৰকাৰে চেলছীৰ ৰাছিয়ান স্বত্বাধিকাৰী ৰোমান আব্ৰামোভিচৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল।

ইয়াৰ পিছতে মাৰ্চ মাহত আব্ৰামোভিচে প্ৰিমিয়াৰ লীগৰ অন্যতম শক্তিশালী ক্লাবটো বিক্ৰীৰ সিদ্ধান্ত লৈছিল।

কেইবাটাও গোটৰ সৈতে জড়িত এক দীঘলীয়া নিবিদা প্ৰক্ৰিয়াৰ পিছত চেলছীৰ নিবিদাৰ তদাৰক কৰা নিউয়ৰ্ক বেঙ্ক ৰেইন গ্ৰুপে বোহেলী আৰু তেওঁৰ সহযোগী বিনিয়োগকাৰীসকলক বাছনি কৰে।

বোহেলীৰ বিনিয়োগকাৰীৰ গোটত ডজৰ্ছৰ সহ-স্বত্বাধিকাৰী মাৰ্ক ৱাল্টাৰ, চুইছ ধনকুবেৰ হান্সজোয়াৰ্গ ৱাইছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ প্ৰতিষ্ঠান ক্লিয়াৰলেক কেপিটেল অন্তৰ্ভুক্ত আছে।