NORTHEAST NOW (Assamese)
দেশ

আঢ়ৈ বছৰীয়া পুত্ৰৰ সন্মুখতে মহিলাক ৭৯ দিন ধৰি ধৰ্ষণ ভণ্ড তান্ত্ৰিকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2022 5:52 pm
Woman Raped By Tantrik For 79 Days

এবাৰ-দুবাৰ নহয়, ৭৯ দিন ধৰি নিতৌ নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰৰ সন্মুখতে ভণ্ড তান্ত্ৰিকৰ দ্বাৰা বলাৎকাৰৰ বলি হৈছে এগৰাকী মহিলা। উৰিষ্যাৰ বালাচোৰ জিলাত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

আৰক্ষীয়ে শুকুৰবাৰে মহিলাগৰাকী আৰু তেওঁৰ সন্তানক এটা বন্ধ কোঠাৰ পৰা উদ্ধাৰ কৰিছে। কিন্তু অভিযুক্ত তান্ত্ৰিকজন পলাই যাবলৈ সক্ষম হয়।

দীৰ্ঘদিনে ধৰ্ষণৰ বলি হৈ অহা মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে নিজ স্বামী আৰু শহুৰেকে বৈবাহিক বিভেদ সমাধান কৰিবলৈ তেওঁক তান্ত্ৰিকৰ সৈতে থাকিবলৈ বাধ্য কৰিছিল।

২০১৭ চনত বিবাহপাশত আৱদ্ধ হোৱা মহিলাগৰাকীয়ে দাবী কৰিছিল যে যৌতুকৰ বাবে শহুৰেকে তেওঁক দৈনিক শাৰীৰিক আৰু মানসিক অত্যাচাৰকৰিব আহিছে।

মহিলাগৰাকীয়ে উল্লেখ কৰা অনুসৰি তান্ত্ৰিকজনে পৰিয়ালটোক আশ্বাস দিছিল যে যদি মহিলাগৰাকী কেইমাহমান তেওঁৰ সৈতে থাকে তেন্তে তেওঁ এই পাৰিবাৰিক বিভেদ সমাধান কৰিব।

তান্ত্ৰিকৰ এই প্ৰস্তাৱ মহিলাগৰাকীয়ে অস্বীকাৰ কৰাৰ পিছত শাহুৱেকে তেওঁক অচেতন কৰি তান্ত্ৰিকৰ কোঠাত সোমোৱাই দিয়ে। জ্ঞান ঘূৰাই পোৱাৰ পিছত মহিলাগৰাকীয়ে পুত্ৰসহ নিজকে তান্ত্ৰিকৰ কোঠাত উদ্ধাৰ কৰে।

ইয়াৰ পিছতে তান্ত্ৰিকজনে মহিলাগৰাকীক তেওঁৰ পুত্ৰৰ সন্মুখতে ৭৯ দিন ধৰি বাৰে বাৰে ধৰ্ষণ কৰে।

যোৱা ২৮ এপ্ৰিলত তান্ত্ৰিকজনে নিজৰ মোবাইল ফোনটো কোঠাটোত এৰি যোৱাৰ সুযোগ বুজি মহিলাগৰাকীয়ে ফোনেৰে নিজৰ মাক-দেউতাকক দুৰ্বিসহ যাতনাৰ বিষয়ে অৱগত কৰে।

লগে লগে তেওঁলোকে আৰক্ষীক এই বিষয়ে খবৰ দিয়ে। কিন্তু আৰক্ষী সেই ঠাইত উপস্থিত হোৱাৰ পূৰ্বেই ভণ্ড তান্ত্ৰিকজন পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে ধাৰা ৩৭৬ ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

মহিলাগৰাকীয়ে এজাহাৰখনত তেওঁৰ স্বামী, দেওৰেক আৰু শহুৰেকৰ নাম উল্লেখ কৰিছে। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে কোনো এগৰাকীকে গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে।

ইতিমধ্যে মহিলাগৰাকীক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে পলাতক তান্ত্ৰিক সন্ধানত অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।