NORTHEAST NOW (Assamese)
অসম

তেজৰ ফাঁকু খেলা বন্ধ হ’ব লাগে : আলফাই মৃত্যুদণ্ডৰে দণ্ডিত কৰা যুৱকক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী May 7, 2022 6:45 pm

চোৰাংচোৱাগিৰিৰ অপৰাধত আলফা স্বাধীনে দুজন যুৱক ক্ৰমে সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “আলফাই দিয়া বিবৃত্তিটো যদি সঁচা হয় তেন্তে এইটো অত্যন্ত দুখজনক ।

আলফালৈ যোৱা যুৱক-যুৱতীসকলৰ ভৱিষ্যত কি হ’বগৈ কোনেও নাজানে।

মুখ্যমন্ত্ৰীয়ে আলফাৰ লগতে ৰাইজকো অনুৰোধ জনাই কয়, “অসমে এতিয়া শান্তি-প্ৰগতি বিচাৰিছে । বিকাশৰ পথত অসম আগুৱাই যাব বিচাৰে । অসমত বহু দিনৰ পৰা চলি অহা তেজৰ ফাকু বন্ধ হ’ব লাগে।”

উল্লেখযোগ্য যে, দুয়োগৰাকী যুৱকক আলফা স্বাধীনে শনিবাৰে পুৱা ৮ বজাত গুলিৰে থকা-সৰকা কৰা বুলি সংবাদ মাধ্যমক টেলিফোনযোগে জনায় আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।

দুয়োগৰাকী যুৱকৰ মৃত্যুৰ খবৰ পাই তেওঁলোকৰ পৰিয়ালবৰ্গ শোকত ভাগি পৰে।

ইয়াৰোপৰি, ছ’চিয়েল মেডিয়াতো ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কিছুসংখ্যকে অসমীয়া যুৱকক হত্যা কৰাৰ বাবে আলফা স্বাধীনক গৰিহণা দিয়াৰ বিপৰীতে আন একাংশই ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীকো ধিক্কাৰ দিয়া দেখিবলৈ পোৱা গৈছে।