NORTHEAST NOW (Assamese)
Popular Stories

বতাহত বিয়পে ক’ৰ’ণা ভাইৰাছ! : অসাৰ হ’ব নেকি সামাজিক দূৰত্ব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 4:23 pm
12 more Covid19 patients die in Assam on Saturday

ক’ৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ এক উত্তম উপায় হৈছে সামাজিক দূৰত্ব বজাই ৰখা। কিন্তু শেহতীয়াকৈ প্ৰকাশিত এক খবৰে সামাজিক দূৰত্বৰ ধাৰণাটোকেই যেন নস্যাৎ কৰিছে।

আমেৰিকাৰ পৰা প্ৰকাশিত নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা মতে ক’ৰ’ণা ভাইৰাছ কেৱল ৰোগীৰ কাঁহ, হাঁচিৰ পৰা ওলোৱা জল কণিকাৰ পৰাই বিয়পি নাযায়,ৰোগীৰ উশাহ-নিশাহ বতাহত মিলি গ’লেও বতাহৰ পৰাই ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে।

এই ক্ষেত্ৰত সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বে যি ঘোষণা কৰিছিল সেয়া সলনি কৰিবলৈ আহ্বান জনাইছে বিশ্বৰ ৩২ খন দেশৰ ২৩৯ গৰাকী বিজ্ঞানীয়ে।

এই সকল বিজ্ঞানীয়ে এই বুলি কৈছে যে কেৱল ড্ৰপলেটৰ জৰিয়তে নহয়,বতাহত ভাঁহি ফুৰা ক’ৰ’ণা ভাইৰাছৰ সৰু কণিকা এটাৰ পৰাও লোক এজন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হব পাৰে।

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে কেৱল ৰোগীয়ে কাঁহিলে বা হাঁচিয়ালে যি কণিকা চিটিকি পৰে তাৰ পৰাহে ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে।

সেই বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ বিষয়ত সকোলোৱে গুৰুত্ব দি আহিছে।

এতিয়া যদি বিশ্বৰ ৩২ খন দেশৰ ২৩৯ গৰাকী বিজ্ঞানীয়ে কৰা দাবী সঁচা হয় তেন্তে সামাজিক দূৰত্বৰ ধাৰণাটোৱেই অসাৰ হৈ পৰিব।