NORTHEAST NOW (Assamese)
অসম

এতিয়ালৈকে ১ কোটিৰো অধিক লোকৰ কৰা হৈছে ক’ভিড-১৯ৰ পৰীক্ষা : ICMR

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 4:18 pm

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ চমুকৈ ICMR-এ সোমবাৰে প্ৰকাশ কৰা অনুসৰি ভাৰতত এতিয়ালৈকে ১ কোটিৰো অধিক লোকৰ ক’ৰ’নাৰ টেষ্ট কৰা হৈছে।

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা তথ্যত কোৱা হৈছে যে এটা দিনত ২৪,২৪৮ গৰাকীকৈ লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোত ভাৰতত আক্ৰান্তৰ সংখ্যা ৭ লাখ হ’বগৈ পাৰে।

ভাৰতত কালিৰ দিনটোত মৃত্যু হৈছে ৪২৫ গৰাকী ৰোগী। মৃত্যুৰ সৰ্বমুঠ সংখ্যা ১৯,৬৯৩ লৈ বৃদ্ধি পালে।

ICMR-ৰ মিডিয়া ক’ৰডিনেটৰ ডাঃ লোকেশ শৰ্মাই কয়, ‍‘আজি ৰাতিপুৱা ১১ বজা পৰ্যন্ত ভাৰতত ১,০০,০৪,১০১ গৰাকী লোকৰ টেষ্ট সম্পন্ন কৰা হৈছে। ৫ জুলাইৰ দিনটোত ১,৮০,৫৯৬ গৰাকী লোকৰ টেষ্ট কৰা হয়’।

উল্লেখনীয় যে, ভাৰতত বৰ্তমান ক’ভিড-১৯ টেষ্টিং লেব আছে ১,১০৫ টা। ইয়াৰে ৭৮৮ টা ৰাজহুৱা খণ্ডৰ আৰু ৩১৭ টা ব্যক্তিগত খণ্ডৰ।

‍‘বিগত ১৪ দিনৰ পৰা গড় হিচাপত প্ৰতিদিনে প্ৰায় ২,০০,০০০ চেম্পল টেষ্ট কৰা হৈ আছে’, বুলি জানিবলৈ দিয়ে ডাঃ শৰ্মাই।