NORTHEAST NOW (Assamese)
Popular Stories

“কামৰ কথা ক’লে বেছি ভাল হ’লহেঁতেন!” : প্ৰধানমন্ত্ৰীক সমালোচনা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 7, 2021 3:37 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমালোচনাত মুখৰ হৈ পৰিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণ।

বৃহস্পতিবাৰে ৰাতি হিন্দীত লিখা এটা টুইটযোগে মুখ্যমন্ত্ৰীজনে কয় যে সেইদিনা প্ৰধানমন্ত্ৰীয়ে তেওঁক ফোন কৰে আৰু তেওঁক কেৱল নিজৰ ‘মন কি বাত’ কৈ যায়।

টুইটটোত তেওঁ কয় যে যদি প্ৰধানমন্ত্ৰীয়ে কিবা কামৰ কথা পাতিলেহেঁতেন অথবা শুনিলেহেঁতেন, তেতিয়া অধিক ভাল হ’ল হয়।

উল্লেখযোগ্য যে ঝাৰখণ্ডত ক’ভিড-১৯য়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

ৰাজ্যখনৰ স্বাস্থ্য সচিব অৰুণ সিঙে অভিযোগ কৰামতে, ক’ভিডক প্ৰতিহত কৰিবলৈ তেওঁলোকে উপযুক্ত সহায় লাভ কৰা নাই।

বৃহস্পতিবাৰে ঝাৰখণ্ডত ১৪১ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।