NORTHEAST NOW (Assamese)
অসম

অসম চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক July 6, 2020 5:11 pm
Screenshot_2020-07-06-16-42-18_1

অসমত উদ্যোগৰ ক্ষেত্ৰত সকাহ দিয়াৰ নামত অসম চৰকাৰে লোৱা কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰি আজি টীয়কৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলা সমিতিয়ে অনশন কাৰ্যসূচী গ্ৰহণ কৰে।

আৰু চৰকাৰখনৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়কৰ সদস্যসকলে।

উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়াই কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন হ’লে তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৱে।

উল্লেখযোগ্য যে বৰ্তমান কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ উন্নত চিকিৎসাৰ বাবে দাবী জনোৱাৰ লগতে অনতি পলমে বিনা চৰ্তত মুক্তি দিবলৈ অনশনস্থলীৰ পৰাই  দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে l