NORTHEAST NOW (Assamese)
Popular Stories

মেঘালয়ত কোভিড-১৯ত মৃত্যু ৮ মহীয়া শিশুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 4:48 pm
first-baby-of-the-year-201

ক’ৰ’ণা ভাইৰাছে সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহতো সংহাৰৰ সৃষ্টি কৰিছে।

মেঘালয়ত শেহতীয়াকৈ কোভিড-১৯ত আক্ৰান্ত হৈ এটি ৮ মহীয়া শিশুৰ মৃত্যু হোৱাৰ ঘটনাই ৰাজ্য খনত শোকৰ ছাঁ পেলাইছে।

মেঘালয়ৰ এন ই আই জি আৰ আই এইছ এম এছ চিকিৎসালয়ত কোভিড-১৯ত আক্ৰান্ত হৈ ৮ মহীয়া শিশুটিৰ মৃত্যু ঘটাৰ কথা চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে।

চিকিৎসালয় খনৰ মুৰব্বী ডা. আমন ৱাৰে প্ৰকাশ কৰা মতে কিছুদিন পূৰ্বে শিশুটিক অৰুণাচলৰ পৰা আনি চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল।

শিশুটিৰ লগত মাক আৰু আন এগৰাকী লোক আহিছিল।

শিশুটিৰ মাক আৰু আন লোক জনৰ কোভিড-১৯ এতিয়ালৈকে পোৱা যোৱা নাই বুলি চিকিৎসক গৰাকীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য মেঘালয়ত এতিয়ালৈকে ৮৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

তেওঁলোকৰ মাজৰে দুজনৰ মৃত্যু ঘটিছে।

ৰাজ্যখনত এতিয়ালৈকে৪৩ জন লোক কোভিডৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে বুলি চিকিৎসক গৰাকীয়ে প্ৰকাশ কৰে।

অৰুণাচল প্ৰদেশতো ক’ৰ’ণা ভাইৰাছত বহু কেইজন লোক আক্ৰান্ত হৈছে।