NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ নৰহত্যা: আধাতে সমাপ্ত ঘোষণা হৰ্ণবিল ফেষ্টিভেল

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 7, 2021 2:38 pm
নাগালেণ্ডৰ নৰহত্যা: আধাতে সমাপ্ত ঘোষণা হৰ্ণবিল ফেষ্টিভেল

নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৪ জনকৈ নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই।

এই ঘটনাৰ প্ৰতিবাদ চলি থকাৰ মাজতে আজি নাগালেণ্ড বিধানসভাত ৰাজ্য খনত বৰ্তমান চলি থকা হৰ্ণবিল মহোৎসৱ বাকী থকা দিন কেইটাৰ বাবে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নাগালেণ্ডৰ ওটিঙত সেনাৰ গুলীত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিয়েই হৰ্ণবিল মহোৎসৱৰ বাকী থকা কাৰ্যসূচী সমূহ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়।

নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনাই এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য ১ ডিচেম্বৰত আৰম্ভ হোৱা হৰ্ণবিল মহোৎসৱ ১০ ডিচেম্বৰলৈ চলিলেহেঁতেন।

অৱশ্যে নাগালেণ্ডৰ পৰ্যটন বিভাগে এইবুলি প্ৰকাশ কৰিছে যে এটা অতি অনাড়ম্বৰপূৰ্ণ সামৰণি অনুষ্ঠান আয়োজন কৰা হ’ব।

আজি কেবিনেটত নাগালেণ্ডৰ পৰা বহু বিতৰ্কিত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন খন বাতিল কৰাৰ বাবে কেন্দ্ৰক আনুষ্ঠানিক আবেদন জনোৱাৰো সিদ্ধান্ত লোৱা হয়।