NORTHEAST NOW (Assamese)
Popular Stories

Vicky-Katrina Wedding: ভিকি-কেটৰিনাৰ বিবাহৰ সংগীতানুষ্ঠানত নাবাজে ৰণবীৰৰ গান; কেটৰিনাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 7, 2021 2:37 pm
Ranbeer- Katrina- Vicky

Vicky-Katrina Wedding আৰু এদিন পাছতে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হ’ব কেটৰিনা কাইফ- ভিকি কৌশল। শুকুৰবাৰে ৰাজস্থানত অনুষ্ঠিত হ’ব সংগীতানুষ্ঠান। দুয়োজনেই মঞ্চত নাচিব সংগীতৰ তালে তালে।

কি কি গানত নাচিব সেয়াও ঠিক কৰা হৈছে। অক্ষয়-কেটৰিনা অভিনীত ‘সিং ইজ কিং’ ছবিৰ ‘তেৰি ঔৰ’ গানটোও তালিকাত আছে।

কিন্তু এই বিশেষ অনুষ্ঠানত কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰৰ ছবিৰ কোনো গান নাথাকিব।

প্ৰাক্তন প্ৰেমিকৰ কোনো গান যাতে বজোৱা নহয় তাৰবাবে নিৰ্দেশ দিছে কেটৰিনাই। বাতৰি অনুসৰি, ভিকি-কেটৰ বিয়াত নিমন্ত্ৰিতৰ তালিকাতো নাই ৰণবীৰ।

Also Read: Struggling For Livelihood: দুখুনী মাতৃৰ জীৱন সংগ্ৰাম; নিশাও কনমানি সন্তানক লৈ পাঠশালাৰ পথত বিচাৰি ফুৰে পেলনীয়া বটল

২০০৯ চনত ‘অজৱ প্ৰেম কি গজৱ কাহানী’ ছবিখনত ৰণবীৰ-কেটৰিনাই একেলগে অভিনয় কৰিছিল।

তাতেই গঢ় লৈ উঠা দুয়োৰে মাজৰ বন্ধুত্বই পাছত প্ৰেমৰ ৰূপ লয়। দুয়োজনে একেলগে ‘ৰাজনীতি’, ‘জগ্গা জাছুছ’ৰ দৰে ছবিতো একেলগে অভিনয় কৰে। কিন্তু দুয়োৰে প্ৰেম বেছিদিন নিটিকিলি।

ইয়াৰ কাৰণ হিচাপে হঠাতে ৰণবীৰৰ মন আলিয়া ভাটৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰে। লাহে লাহে কেটৰিনা অকলশৰীয়া হৈ পৰে।

সেয়ে, কেটৰিনাৰ ঘনিষ্ঠ মহলৰ অনুমান যে পুৰণা প্ৰেমৰ সেই স্মৃতি দূৰত ৰখাৰ উদ্দেশ্যেৰে কেটৰিনাই গ্ৰহণ কৰিছে ৰণবীৰৰ গাণ নিষিদ্ধ পদক্ষেপ।