NORTHEAST NOW (Assamese)
অসম

অসমত দিনটোত দুগৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 7, 2020 11:38 pm
642 persons test Covid19 positive in Assam on Saturday

দুগৰাকী ক’ভিড ৰোগীয়ে মঙলবাৰৰ দিনটোত অসমত মৃত্যুক আঁকোৱালি লৈছে।

পুৱা কলিয়াবৰৰ এজন ব্যক্তিৰ মৃত্যুৰ পিছত কামৰূপ জিলাৰ দেৱী কাকতি নামৰ এগৰাকী মহিলাই ক’ভিড-১৯ত প্ৰাণ হেৰুৱাইছে।

মহিলাগৰাকীক ২ জুলাইত বশিষ্ঠৰ ১৫১ বেছ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

আৰু তেওঁক ক’ভিড-১৯ পজিটিভৰ লগতে টাইপ ২ ডায়েবিটিজ আৰু হাইপাৰটেনচনত আক্ৰান্ত পোৱা গৈছিল।

টুইটাৰযোগে এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমবেদনা প্ৰকাশ কৰিছে।

দিনটোত ইয়াৰ পূৰ্বে কলিয়াবৰৰ ধদাৰাম মুৰা (৪০)  নামৰ লোকজনৰ GMCHত মৃত্যু হৈছিল।

জি এম চি এইচৰ ক’ভিড আই চি ইউত মুৰাই মঙলবাৰে দিনৰ ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

এক জুলাইৰ পৰা চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীগৰাকী গুৰুতৰভাৱে নিমুনিয়া আৰু চেপ্তিক শ্বকত আক্ৰান্ত হৈছিল।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ১২৫২২গৰাকী।