NORTHEAST NOW (Assamese)
Popular Stories

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 16, 2021 4:20 pm
Farhan Majid

সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপুৰৰ এজন ২০ বছৰীয়া যুৱক।

মাত্ৰ ২০ বছৰ বয়সতে যুৱকজনে কাশ্মীৰ উপত্যকাত ইতিহাস সৃষ্টি কৰিছে।

ফাৰহান মজিদ নামৰ এই ২০ বছৰীয়া যুৱকজনে যোগ্যতা লাভ কৰিছে বিমানৰ পাইলট হোৱাৰ। তেঁৱে হৈছে কাশ্মীৰ সৰ্বকণিষ্ঠ বৈমানিক হিচাপে যোগ্যতা লাভ কৰা ব্যক্তি।

স্কুলীয়া শিক্ষা সাং কৰাৰ পিছতে বৈমানিক হোৱাৰ সপোন সাকাৰ কৰিবলৈ মজিদে উত্তৰাখণ্ডৰ বিমান সেৱা একাডেমিত যোগদান কৰিছিল।

একাডেমিত বৈমানিক হোৱাৰ সকলো প্ৰশিক্ষণ লাভ কৰাৰ পিছতে ফৰাহান মজিদে কাশ্মীৰৰ কণিষ্ঠতম বৈমানিক হিচাপে কৰ্মাচিয়েল বিমান উৰণৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।

এই সফলতা লাভ কৰাৰ পিছতে ফৰাহান মজিদে তেওঁৰ অনুভৱ ব্যক্ত কৰিছে। মজিদে কয় যে পাইলট হিচাপে কেৰিয়াৰ গঢ়াৰ বাবে তেওঁ সৰুৰে পৰা ইন্টাৰেনটৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিছিল।

ইয়াৰ পিছত পিতৃ–মাতৃ তথা পৰিয়ালৰ লোকে মজিদৰ সপোন পূৰণ কৰাৰ বাবে তেওঁৰ সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়ায়।

নিজৰ নিৰ্ধাৰিত লক্ষ্য স্পৰ্শ কৰিবলৈ অধ্যৱসায় কৰা মজিদে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকৰ সহযোগিতাৰ বাবে তেওঁ সাফল্য লাভ কৰা বুলি গৌৰৱ অনুভৱ কৰিছে।

জীৱনত কি হ’ব সেই লক্ষ্য নিৰ্ধাৰণ কৰি অধ্যৱসায় কৰিলে সকলো মানুহে এদিন সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাস কৰে ফাৰহান মজিদে।

উল্লেখ্য যে ফাৰহান মজিদৰ পূৰ্বে কাশ্মীৰৰ আয়েশা আজিজে কণিষ্ঠতম মহিলা বৈমানিক হোৱাৰ কৃতিত্ব লাভ কৰিছিল।

যুদ্ধবিধ্বস্ত তথা সন্ত্ৰাসজৰ্জৰ কাশ্মীৰৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে ফৰাহান মজিদ আৰু আয়েশা আজিজ এতিয়া অনু্প্ৰেণাৰ উৎস হৈ উঠিছে।