NORTHEAST NOW (Assamese)
Popular Stories

ছাত্ৰ মুক্তিৰ নেতা, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ NIAৰ চমন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 5, 2020 8:17 pm

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে ছাত্ৰ সমাজক সন্মুখৰ পৰা নেতৃত্ব দিয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ চমন জাৰি কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA ই।

কাইলৈ সোণাপুৰৰ নাজিৰাখাটস্থিত NIAৰ ৰাজ্যিক কাৰ্য্যালয়ত পুৱা ১১ বজাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে ছাত্ৰ নেতাজনক।

প্ৰাঞ্জল কলিতা বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক।

কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত NIA য়ে কাইলৈ প্রাঞ্জলক সোধা-পোচা কৰিব বুলি জানিব পৰা গৈছে।

অখিল গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি), ১২৪ এ (ৰাষ্ট্ৰদ্ৰোহ), ১৫৩ এ (বেআইনী) আৰু ১৫৩ বি তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ ধাৰা ১৮ আৰু ৩৯ ডিৰ অধীনত ১৩/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰিছিল।

গোচৰ অনুসৰি অখিল গগৈয়ে মাওবাদী সজোৱা হৈছে তথা তেওঁৰ বিৰুদ্ধে ২০০৯ চনৰে পৰা মাওবাদীৰ হৈ কাম-কাজ কৰি থকাৰ অভিযোগ উত্থাপন কৰে NIA ই।

সেই গোচৰৰ আধাৰতে সোধ-পোচৰ বাবে কাইলৈ NIA কাৰ্য্যালয়লৈ প্ৰাঞ্জল কলিতাক উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া বুলি এক সুত্ৰত প্ৰকাশ পাইছে।

নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কলিতাই কয় ‘অখিল দাৰ গোচৰ সম্পৰ্কীয় সোধ-পোচৰ বাবে কাইলৈ মোক NIA কাৰ্য্যালয়ত মাতিছে। ২০০৯ চনত মোৰ ১১ বছৰ আছিল আৰু তেতিয়া মই সপ্তম শ্ৰেণীত পঢ়ি আছিলো।‘

ইপিনে, ছাত্ৰ সমাজক ভয় খুৱাবৰ বাবে বিজেপি চৰকাৰে এনে পদক্ষেপ লৈছে বুলি মন্তব্য কৰি কলিতাই আৰু কয় ‘ছাত্ৰ সমাজক ভয় খুৱাই কা বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিব বিচাৰিছে। অখিল গগৈহঁতক জেইলত ৰখোৱা হৈছে যদিও তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰমাণ গোটাব পৰা নাই। সেয়েহে এতিয়া সৰু সৰু ল’ৰাক ভয় খুৱাবলৈ ছাত্ৰসকলক টাৰ্গেট কৰি লৈছে।‘

উল্লেখযোগ্য যে, কা বিৰোধী আন্দোলনে ভৰপক ৰূপ লোৱাৰ সময়তে NIA ই দেশদ্ৰোহীতাৰ গোচৰ জাপি কৃষক নেতা অখিল গগৈৰ লগতে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ, বিতু সোণোৱাল আৰু ধ্ৰুৱজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানো ন্যায়িক জিম্মাত আছে আটাইকেইজন নেতা।