NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত বিস্ফোৰক সামগ্ৰীৰ সৈতে আটক এন এছ চি এন(আই এম)ৰ দুজন অ’ভাৰ গ্ৰাউণ্ড সদস্য

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী December 23, 2018 5:06 pm
NSCN(IM)

উজনি অসমৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসবাদী সংগঠনসমূহৰ কূটাঘাটমূলক কাম-কাজ বৃদ্ধি পোৱাৰ সময়তে ২২ ডিচেম্বৰ অৰ্থ্যাৎ শনিবাৰে তিনিচুকীয়া জিলাৰ নামদাং আৰু লংফা বস্তিৰ পৰা ভাৰতীয় সেনাৰ এটা দলে অভিযান চলাই এন এছ চি এন(আই এম)ৰ দুজন অ’ভাৰ গ্ৰাউণ্ড সদস্যক আটক কৰিবলৈ সক্ষম হয়।

‘এন এছ চি এন(আই এম)ৰ সদস্য দুজনে নামদাং আৰু লংফা বস্তিৰ বিভিন্ন লোকক ধন দাবীৰে বিতুষ্ট কৰি তোলা বুলি আমালৈ স্থানীয় এক সূত্ৰই জানিবলৈ দিয়ে। ইয়াৰ পাছতে নামদাংস্থিত সেনাৰ ৯নং বেটেলিয়নৰ ৰাজপুতনা ৰাইফলছৰ এটা দলে ২২ ডিচেম্বৰত উক্ত অঞ্চলত অভিযান চলাই এন এছ চি এন(আই এম)ৰ গ্ৰাউণ্ড ওৱৰ্কাৰ দুজনক আটক কৰা হয়’। এক প্ৰেছ বিবৃতিযোগে সেনাই এই কথা জানিবলৈ দিয়ে।

সেনাই আটক কৰা সদস্য দুজনৰ এজন চাংলাং জিলাৰ লংফা গাঁৱৰ ৰবি কুমাৰ পাছৱান আৰু আনজন চাংলাং জিলাৰে ফাংছুম বস্তিৰ বাসিন্দা কেনা পাংটক বুলি চিনাক্ত কৰিছে।

উল্লেখ্য যে আটকাধীন সদস্য দুজনৰ পৰা এছ-২৩ই-৫৩৮৩ নম্বৰৰ এখন গ্লেমাৰ বাইক (কৌনছা বস্তিৰ নিবাসী ৰৈকাম টাইকামৰ নামত পঞ্জীয়নভুক্ত) আৰু দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

সংগঠনটোৱে উজনি অসমত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে নামদাঙৰ সমীপৰ হাবিত বহুতো বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰাখিছিল। সেনা আৰু আৰক্ষীৰ জেৰাত এই ভয়ংকৰ তথ্য সদৰী কৰে আটকাধীন সদস্য দুজনে।

ইয়াৰ পাছতে সেনা আৰু আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে সদস্য দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অঞ্চলটোত অভিযান চলাই আৰ ডি এক্স, গান পাউদাৰৰ লগতে বহুতো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

ইফালে সেনাই আটক কৰা উগ্ৰপন্থী সদস্য দুজনক পাছত মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা যায়। তদুপৰি মাৰ্ঘেৰিটা আৰক্ষী থানাত দুয়োজনৰ বিৰুদ্ধে য়ু পি(এ) ১০/১২ ধাৰাৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে।