NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা, এইবাৰ এনকাউণ্টাৰৰ বলি ড্ৰাগছ সৰবৰাহকাৰী

Posted by: কাজী জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম, বিশ্বনাথ December 18, 2021 8:33 am
Encounter in Assam

ৰাজ্যত এতিয়া এনকাউণ্টাৰ এক ফেশ্যনত পৰিণত হৈছে। এইবাৰ বিশ্বনাথত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ এজন ফকিৰ আলী এইবাৰ এনকাউণ্টাৰৰ বলি হৈছে।

বিশ্বনাথ জিলা আৰক্ষীয়ে এই পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও প্ৰাপ্ত তথ্য অনুসৰি পুৱতি নিশা প্ৰায় ২.৩০ বজাত বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলৰ পিস্টলৰ গুলীত গুলীবিদ্ধ হ’ল ফকিৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীজন।

উল্লেখ যে যোৱা কালি বিয়লি বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰীকাৰী দলে গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ চাৰিআলি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ ড্ৰাগছ পেডেলাৰ। যুৱক দুজনক ইনামূল হক আৰু ফকিৰ আলী বুলি চিনাক্ত কৰা হৈছিল।

প্ৰাপ্ত তথ্য মতে যোৱা নিশা বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰী দলে বিশ্বনাথৰ বিভিন্ন স্থানত অবৈধ ড্ৰাগছৰ সৈতে জড়িত লোক সকলৰ বিৰুদ্ধে ফকিৰ আলীক লগত লৈ অভিযান চলাইছিল।তাৰ পিছতে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অৱশ্যে কি কাৰণত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত তাৰ সবিশেষ তথ্য এই পৰ্যন্ত জানিব পৰা নাই। ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনৰ এটা ভৰিত গুলীবিদ্ধ হোৱা খবৰ পোৱা গৈছে।

ইতিমধ্যে ফকিৰ আলীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজত নিয়া হৈছে বুলি জানিব পৰা গৈছে।