NORTHEAST NOW (Assamese)
অসম

অতুল বৰাৰ কেব সমৰ্থন ব্যক্তিগত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2019 6:30 pm
Atul Bora’s comments in support of CAB are his personal: Former Assam CM Mahanta

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা প্ৰফুল্ল কুমাৰ মহন্তই বুধবাৰে কৈছে দলৰ সভাপতি অতুল বৰাৰ নাগৰিকত্ব বিধেয়কৰ প্ৰতি “সমৰ্থন” ব্যক্তিগত।

“অতুল বৰাৰ বক্তব্যই আমাৰ দলৰ সিদ্ধান্ত প্ৰতিফলিত নকৰে,” বৰাই বিধেয়ক সন্দৰ্ভত কৰা মন্তব্যৰ এদিন পিছতে সংবাদ মাধ্যমত মহন্তই কয়।

বৰাই কেব সমৰ্থনেৰে অগপই ৰাইজৰ পক্ষ লোৱা বুলি কোৱাৰ বিপৰীতে মহন্তই কৈছে বিধেয়কখনে অসম আৰু উত্তৰ-পূবৰ সামাজিক আৰু নৃগোষ্ঠীয় গাঁথনি ধ্বংস কৰিব।

মহন্তই আনকি বাতিল নোহোৱাপৰ্য্যন্ত অগপই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলিও মন্তব্য কৰিছে।

কেন্দ্ৰ কেব গ্ৰহণৰ বাবে সাজু হোৱাৰ সময়ত অগপৰ দুই নেতাৰ বিপৰীত বক্তব্যই দলটোৰ স্থিতিক লৈয়ে অস্পষ্টতাৰ সৃষ্টি কৰিছে।

অতুল বৰাই সাংবাদিকৰ আগত কৰা মন্তব্যত দুবাৰৰ মুখ্য মন্ত্ৰী মহন্তকো অসমৰ বিদেশী সমস্যা সমাধানত বিফল বুলি সমালোচনা কৰিছিল।

নাগৰিকত্ব বিধেয়কত মোদী কেবিনেটে বুধবাৰে অনুমোদন জনাইছে। খবৰমতে, অহা ৯ আৰু ১০ ডিচেম্বৰত বিধেয়কখন ক্ৰমে লোক সভা আৰু ৰাজ্য সভাত উত্থাপন কৰিব।