NORTHEAST NOW (Assamese)
অসম

CAB : লিডুত মোদী-অমিত শ্বাহৰ পুত্তলিকা জ্বলালে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 4, 2019 6:11 pm

সমগ্ৰ ৰাজ্যত বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ধাৰাবাহিক আন্দোলন আৰম্ভ হৈছে। ইয়াৰ মাজতে তিনিচুকীয়াৰ লিডুত আজি বিয়লি বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰাৰ লগতে  টায়াৰ আদি জ্বলাই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায়।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী মোদীৰ অধ্যক্ষতাত সংসদভৱনত আজি অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয়। অহা ৯ আৰু ১০ ডিচেম্বৰত বিধেয়কখন ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰা হ’ব।

আজি কেবিনেটৰ বৈঠকত বিধেয়কখন অনুমোদন জনোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ অধিক তীব্ৰ হৈ পৰিছে।

প্ৰতিবাদস্থলীত যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ‘নৰেন্দ্ৰ মোদী মোৰ্দাবাদ, অমিত শ্বাহ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ’ আদি বিভিন্ন শ্ল’গানেৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। প্ৰতিবাদী কাৰ্যসূচীত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপ আৰু জিলা সাধাৰণ সম্পাদক কাঞ্চন বৰা উপস্থিত থাকে।