NORTHEAST NOW (Assamese)
অসম

পাটাছাৰকুছিত জয়ন্ত মল্ল বৰুৱাক আছুৰ ক’লা পতাকা প্ৰদৰ্শন

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ December 4, 2019 6:02 pm
পাটাছাৰকুছিত জয়ন্ত মল্ল বৰুৱাক আছুৰ ক’লা পতাকা প্ৰদৰ্শন

নাগৰিকত্ব বিধেয়কক লৈ জ্বলিছে সমগ্ৰ ৰাজ্য। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।

আজি ৰাজ্যৰ বিভিন্ন ঠাইত আছুৱে কেব বাতিলৰ দাবীত প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে বৰপেটা জিলাৰ পাটাছাৰকুছিটো আছুৱে হাতত ক’লা পতাকা লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আছুৱে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাক ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে, ‘কেন্দ্ৰীয় চৰকাৰ গ’ বেক, জয়ন্ত মল্ল বৰুৱা হুঁচিয়াৰ, জয়ন্ত মল্ল নিপাত যাওক, জয়ন্ত মল্ল মই মতালি নচলিব, জয়ন্ত মল্লৰ দাদাগিৰি নচলিব’ আদি প্ৰতিবাদী শ্ল’গান দিয়ে।

প্ৰতিবাদকাৰী এজন আছু নেতাই তেওঁলোকে জয়ন্ত মল্ল বৰুৱাক ক’লা পতাকা প্ৰদৰ্শনৰ সময়ত জয়ন্ত মল্ল বৰুৱাই এটা হাঁহিৰে তেওঁলোকক উপলুঙা কৰি পলায়ন কৰে বুলি কয়।

লগতে আছু নেতাজনে মুখ্য মন্ত্ৰী সোণোৱালকো দ্বিতীয় বদন বুলি কৈ কয় যে বদনে মান আনিছিল সৰ্বানন্দ সোণোৱালে বিদেশী আনিব বিচাৰিছে।