NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বি এইচ বি মহাবিদ্যালয়ৰ অনলাইন ই-কুইজ প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 1:32 pm

দেশৰ লগতে সমগ্ৰ ৰাজ্যত ক’ৰ’না ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সৰুপেটাৰ ভবানীপুৰ হস্তীনাপুৰ বিজনী মহাবিদ্যালয়ৰ শ্বয়ম(SWAYAM) গোটে এখনি অনলাইন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

আই কিউ এ চিৰ সহযোগত ‘কোভিড-১৯ সজগতা কুইজ-২০০’’ শীৰ্ষক অনলাইন কুইজ প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল।

মূলত জনসাধাৰণৰ মাজত কোভিড-১৯ সম্পৰ্কে সাধাৰণ সজাগতা সৃষ্টি আৰু সঠিক তথ্য দাঙি ধৰাৰ উদ্দেশ্যেই কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছিল।

দেশৰ বিভিন্ন প্ৰান্তৰ ১৪০০ কৈ অধিক সংখ্যক অংশগ্ৰহণকাৰীয়ে অনলাইন কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।

কোনোধৰণৰ পঞ্জীয়ন মাচুল নথকা কুইজ প্ৰতিযোগিতাখনত যিসকল অংশগ্ৰহণ কাৰীয়ে ৩০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোকে ই-প্ৰমাণপত্ৰ লাভ কৰিব।

মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ দাস উদ্যোক্তা সমিতিৰ মুখ্য সদস্য আছিল।

বি এইচ বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা প্ৰীতিৰেখা দত্তই সমগ্ৰ অনলাইন কুইজ প্ৰতিযোগিতাখনৰ পৰিকল্পনাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছিল।