NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণত অভিযুক্ত হ’ব পাৰেনে এগৰাকী মহিলা? বিচাৰৰ বাবে আবেদন গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2023 11:46 am
ধৰ্ষণত অভিযুক্ত হ’ব পাৰেনে এগৰাকী মহিলা? বিচাৰৰ বাবে আবেদন গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে

ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত এগৰাকী মহিলাক ধৰ্ষণৰ গোচৰত অভিযুক্ত  কৰিব পাৰি নে সেই বিষয়ে বিবেচনা কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ত দিয়া আবেদনত ৬২ বছৰীয়া এগৰাকী মহিলাই তেওঁক ইচ্ছাকৃতভাৱে ভুৱা ধৰ্ষণৰ গোচৰত ফচোৱা বুলি দাবী কৰে। সেই গোচৰতে উত্থাপন হৈছে এই প্ৰশ্ন।

মহিলাগৰাকীয়ে কয় যে তেওঁৰ আমেৰিকাত থকা ডাঙৰ পুত্ৰই ফেচবুকৰ জৰিয়তে এগৰাকী মহিলাক লগ পাইছিল। কিছুদিন পিছত ডাঙৰ পুত্ৰই ‘ভইচ কল’ৰ জৰিয়তে মহিলাগৰাকীক ‘বিবাহ’ কৰিলে। সেই মহিলাগৰাকীক তেওঁ কেতিয়াও মুখামুখিকৈ ​​লগ পোৱা নাছিল। পিছত মহিলাগৰাকীয়ে তেওঁলোকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁৰ বিদেশত থকা সৰু পুত্ৰ দেশলৈ উভতি আহে।

মহিলাগৰাকীয়ে কয় যে ইয়াৰ পিছত তেওঁৰ পৰিয়ালৰ লোকে ডাঙৰ পুত্ৰ আৰু মহিলাগৰাকীৰ মাজৰ ‘বিবাহ’ সম্পৰ্ক শেষ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ইয়াৰ পিছত মহিলাগৰাকীয়ে পঞ্চায়ত সদস্যৰ উপস্থিতিত সম্পৰ্ক শেষ কৰিবলৈ সন্মত হয়। লিখিত চুক্তি অনুসৰি তেওঁক ১১ লাখ টকা আদায় দিয়া হৈছিল।

লগতে পঢ়কঃ খাৰিজ হ’ব মহুৱা মৈত্ৰৰ সাংসদ পদ! সোমবাৰে লোকসভাত দাখিল হ’ব এথিক্স কমিটিৰ প্ৰতিবেদন

কিন্তু চুক্তিৰ কেইসপ্তাহমানৰ পাছত মহিলাগৰাকীয়ে তেওঁ আৰু তেওঁৰ সৰু পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণ, বলপূৰ্বক আটক কৰি ৰখা আৰু ভীতি প্ৰদৰ্শনৰ গোচৰ তৰে। পঞ্জাৱৰ নিম্ন আদালত আৰু পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে বিধৱাগৰাকীৰ আগতীয়া জামিন আবেদন খাৰিজ কৰাত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

অৱশ্যে অভিযোগকাৰী মহিলাগৰাকীয়ে দাবী কৰিছে যে তিনি বছৰৰ সম্পৰ্কৰ অন্তত ২০২২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ বৃদ্ধা মহিলাগৰাকীৰ জ্যেষ্ঠ পুত্ৰক বিয়া কৰাবলৈ সন্মত হৈছিল। কাৰণ, আন কাৰোবাক বিয়া পাতিলে বৃদ্ধাৰ ডাঙৰ পুত্ৰই আত্মহত্যাৰ ভাবুকি দিয়ে। লগতে তেওঁ দাবী কৰে যে বৃদ্ধাগৰাকীৰ জ্যেষ্ঠ পুত্ৰই তেওঁক তেওঁলোকৰ ঘৰত থাকিবলৈ কৈছিল। তেওঁ কৈছিল যে পিছত তেওঁ আমেৰিকাৰ পৰা আহি তেওঁক আইনগতভাৱে বিয়া কৰাব।

লগতে পঢ়কঃমোডীৰ সৈতে ছেলফি ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীৰ; ছবিৰ নাম দিলে ‘মেলোডি’! ভাইৰেল পোষ্ট

অভিযোগকাৰী মহিলাগৰাকীয়ে দাবী কৰা মতে, বৃদ্ধা আৰু সৰু পুত্ৰই বৃদ্ধাৰ সৰু পুত্ৰক বিয়া কৰাবলৈ হেঁচা দি থাকে। তেওঁ মান্তি নোহোৱাৰ বাবে বৃদ্ধাই তেওঁক সৰু পুত্ৰৰ সৈতে এটা কোঠাত আবদ্ধ কৰি ৰাখে। তাতে সৰু পুত্ৰই তেওঁক ধৰ্ষণ কৰে আৰু অশ্লীল ফটো তোলে।

উচ্চতম ন্যায়ালয়ত বিধৱা মহিলাগৰাকীৰ অধিবক্তাই কয় যে ৩৭৫ ধাৰাত এগৰাকী মহিলাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব নোৱাৰি। ন্যায়াধীশ হৃষিকেশ ৰায় আৰু ন্যায়াধীশ সঞ্জয় কেৰোলৰ বিচাৰপীঠেও কয় যে তেওঁলোকে জানে যে এই গোচৰত এজন পুৰুষৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’ব পাৰে। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে জামিন আবেদনৰ শুনানি স্থগিত ৰাখি বিষয়টো বিবেচনা কৰাৰ সিদ্ধান্ত লয়।

লগতে পঢ়কঃমূৰ দোৱালে বিশ্বজয়ী অষ্ট্ৰেলিয়াই! বেটে-বলে অলৰাউণ্ড প্ৰদৰ্শনেৰে টী-২০ শৃংখলা জয় ভাৰতৰ

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছিল যে এগৰাকী মহিলাই ধৰ্ষণ কৰিব নোৱাৰে। কিন্তু যদি কোনো মহিলাই দলবদ্ধ ধৰ্ষণত সহায় কৰে তেন্তে ভাৰতীয় দণ্ডবিধিৰ সংশোধিত ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব পাৰে।