NORTHEAST NOW (Assamese)
Popular Stories

মোডীৰ সৈতে ছেলফি ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীৰ; ছবিৰ নাম দিলে ‘মেলোডি’! ভাইৰেল পোষ্ট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2023 10:40 am

শেহতীয়াকৈ COP 28 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ডুবাইত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁৰ উপৰি কেইবাখনো দেশৰ নেতা-মন্ত্ৰীও তাত উপস্থিত আছিল। ইফালে, শীৰ্ষ সন্মিলনৰ বিৰতিৰ মাজত নৰেন্দ্ৰ মোডীৰ সৈতে ছেলফি তুলিছিল ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে। তেওঁ এই ফটোখন ইনষ্টাগ্ৰামত ‘মেলোডি’ হেচটেগৰে পোষ্ট কৰে। মোডী আৰু মেল’নী শব্দৰ সংমিশ্ৰণ ঘটোৱা নামটোক লৈয়েই এতিয়া তোলপাৰ নেটজগত।

ইপিনে, মোডীৰ সৈতে তেওঁৰ ছবি দিয়া মেল’নীৰ ইনষ্টাগ্ৰাম পোষ্ট ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে। আনহাতে, মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘ক’প ২৮ সন্মিলনৰ আঁৰত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে সাক্ষাৎ হ’ল । শক্তিশালী ভৱিষ্যত আৰু সমৃদ্ধিৰ বাবে ইটালী আৰু ভাৰতৰ যৌথ উদ্যোগত মই বিশ্বাস কৰোঁ।’

আনহাতে, মেল’নীয়ে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত মোডীৰ সৈতে এখন চেলফি পোষ্ট কৰে। তাত তেওঁ লিখিছে, ‘COP28 #melody ত ভাল বন্ধু।’

উল্লেখ্য যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে ছেপ্টেম্বৰ মাহত জি-২০ উপলক্ষে ভাৰতলৈ আহিছিল। জি-২০ৰ বৈঠকৰ মাজতে সময় উলিয়াই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হয়। পিছত মেল’নীয়ে এই বৈঠকৰ সফলতাৰ বিষয়ে টুইট কৰে।

 

View this post on Instagram

 

A post shared by Giorgia Meloni (@giorgiameloni)

সেই বৈঠকৰ সন্দৰ্ভত মোদীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত লিখিছিল, ‘ভাৰত আৰু ইটালীয়ে বিশ্বৰ সমৃদ্ধিৰ বাবে একেলগে কাম কৰিব’।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত ভাৰতত উপস্থিত হৈছিল জৰ্জিয়া মেল’নীয। সেইবাৰ অষ্টম ৰাইচিনা ডায়েলডত মেল’নীক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।  হায়দৰাবাদ হাউছত ইটালী আৰু ভাৰতৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত তেওঁ আলোচনাত বহিছিল।

ইয়াৰ পিছত ডুবাইত নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা সাক্ষাতৰ পিছত তেওঁলোকৰ চেলফি ছ’চিয়েল মিডিয়াত আহে। আৰু সেই ছবি নিমিষতে ভাইৰেল হৈ পৰিল।